নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত পৰিবহণ বিষয়া কাৰ্যালয়ৰ মহিলা কৰ্মচাৰীসহ দালাল গ্ৰেপ্তাৰ

বিশেষ বাৰ্তা, ১৯অক্টোবৰঃ শূন্য সহনশীল তথা দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। দুনীতিমুক্ত ৰাজ্য হিচাপে পৰিগণিত কৰিবলৈকে বদ্ধপৰিকৰ হৈ পৰিছে ৰাজ্যৰ প্ৰশাসন৷ৰাজ্যত ইজনৰ পিছত সিজন ঘোচখোৰ বিষয়া দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে ৰাজ্যৰ বিভিন্ন স্থানত নিতৌ গ্ৰেপ্তাৰ হৈছে দুৰ্নীতিপৰায়ণ চৰকাৰী বিষয়া-কৰ্মচাৰী। আজি ডিব্ৰুগড়তো তেনে এক অভিযানৰ সময়ত ডিব্ৰুগড় জিলা পৰিবহণ বিষয়াৰ কাৰ্যলয়ত গ্ৰেপ্তাৰ হয় দুজনকৈ ব্যক্তি।এটা দালাল সহ ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ কনিষ্ঠ সহায়িকা ডিটিমণি গগৈ সহ দালাল পংকজ শইকীয়াক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীৰ তদাৰকী আৰু দূৰ্নীতি শাখা সঞ্চালকালয়ে।ডিব্ৰুগড় জিলা পৰিবহন বিষয়াৰ কাৰ্যলয়ৰ পৰাই দুয়োজনকে গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীৰ তদাৰকী আৰু দূৰ্নীতি শাখা সঞ্চালকালয়ে। জানিব পৰা মতে এজন ব্যক্তিৰ পৰা কাম কৰি দিয়াৰ বিনিময়ত ৭০০ টকা উৎকোচ হিচাপে লৈছিল।দালাল জনকো ডিব্ৰুগড় জিলা পৰিবহণ বিভাগৰ কাৰ্যলয়ৰ পৰাই গ্ৰেপ্তাৰ কৰা হয়।তথ্য মতে কোনো এজন লোকৰ পৰা পথ কৰ অফলাইনত পৰিশোধ কৰি দিয়াৰ সুবিধা কৰি দিয়া বাবেই ডিব্ৰুগড় জিলা পৰিবহন বিষয়া কাৰ্যলয়ৰ কণিষ্ঠ সহায়ক দিতিমণি গগৈয়ে সাতশ টকা উৎকোচ হিচাপে লৈছিল। কনিষ্ঠ সহায়িকা দিতিমণি গগৈয়ে পংকজ শইকীয়া নামৰ এজন দালাল তথা মধ্যভোগীৰ জৰিয়তে সংগ্ৰহ কৰিছিল উক্ত উৎকোচ।অভিযানকাৰী দলটোৱে বৰ্তমানে তদন্ত অব্যাহত ৰখাৰ লগতে কনিষ্ঠ সহায়িকা দিতিমণিৰ চহৰখনৰ উদয়পুৰস্থিত এপাৰটমেন্টত তালাচী চলাইছে।অৱশ্যে এই বাতৰি লিখা পৰ্যন্ত সবিশেষ জনোৱা পৰা বিৰত আছে অনুসন্ধানকাৰী দলে।উল্লেখ্য যে বৰ্তমানে পৰিবহণ বিভাগৰ প্ৰায়সংখ্যক কাম অনলাইনযোগে হয় যদিওঁ,একাংশ দালালে জিলা পৰিবহণ বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰে গোপনে মিতিৰালি কৰি বাহনৰ গৰাকীৰ পৰা বহু টকা আত্মসাৎ কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া।কাজেই আজিৰ এই অভিযানৰ পৰা ডিব্ৰুগড় জিলা পৰিবহণ বিভাগৰ বিষয়া-কমচাৰী সকলে কি শিক্ষা গ্ৰহণ কৰে,সেয়া হব লক্ষনীয়।

প্ৰেৰক বিভাস দুৱৰা

You might also like