নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি মার্কিনলৈ অর্থনীতিৰ ন’বেল বঁটা

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ  ২০২১ বর্ষৰ অর্থনীতিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে তিনি আমেৰিকান অর্থনীতিবিদলৈ৷ শ্রম অর্থনীতিত প্রায়োগিক অৱদানৰ স্বীকৃতি হিচাপে ডেভিদ কার্ড, কাৰণগত সম্পর্ক বিশ্লেষণৰ পদ্ধতিগত অৱদানৰ স্বীকৃতি হিচাপে জছুৱা এংৰিষ্ট আৰু গাইডো ইমবেন্সলৈ ২০২১ বর্ষৰ অর্থনীতিৰ ন’বেল বঁটা আগবঢ়োৱা বুলি  আনুষ্ঠানিকভাৱে ঘোষণা কৰে ন’বেল কমিটীয়ে৷

ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সে সোমবাৰে বিবৃতিযোগে ঘোষণা কৰা মতে অর্থনৈতিক বিজ্ঞানত প্রায়োগিক কার্যক সম্পূর্ণৰূপে পুনৰ গঠন কৰাৰ বাবেই তিনি অর্থনীতিবিদ ডেভিদ কার্ড, জছুৱা এংৰিষ্ট আৰু গাইডো ইমবেন্সক ন’বেল বঁটা আগবঢ়োৱা হৈছে৷ ন’বেল বঁটাৰ ধনৰ এভাগ ডেভিদ কার্ডে লাভ কৰাৰ বিপৰীতে বাকী ভাগটো দুই অর্থনীতিবিদ জছুৱা এংৰিষ্ট আৰু গাইডো ইমবেন্সক ভগাই দিয়া হ’ব৷

ন’বেল কমিটীৰ দ্বাৰা আগবঢ়োৱা অন্তিমটো অর্থনীতিৰ ন’বেল লাভ কৰা ডেভিদ কার্ড হৈছে বার্কলিৰ কেলিফ’র্নিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক৷ জছুৱা এংৰিষ্ট হৈছে মাছাছুছেটছ ইনষ্টিটিউট অৱ টেকন’লজীৰ অধ্যাপক আৰু গাইডো ইমবেন্স হৈছে ষ্টেনফ’ড বিশ্ববিদ্যালয়ৰ অধ্যাপক৷ উল্লেখ্য যে ডেভিদ কার্ডো কানাডাত জন্মলাভ কৰিলেও বর্তমান আমেৰিকাত বসবাস কৰি আছে৷ ঠিক তেনেদৰে ইমবেন্স নেদাৰলেণ্ডত জন্ম পালেও বর্তমান তেৱোঁ আমেৰিকাত বসবাস কৰি আছে৷ জছুৱা এংৰিষ্ট আমেৰিকাৰেই নাগৰিক৷

উল্লেখ্য যে অর্থনীতিৰ ন’বেল বঁটা ১৯৬৮ৰ পৰা প্রদান কৰি থকা হৈছে৷ শ্বেৰিজ ৰিকছবেংকৰ তিনিশ বার্ষিকী উপলক্ষে অর্থনীতিৰ ন’বেল বঁটা প্রদান কৰি থকা হৈছে৷ সেয়েহে এই বঁটাটোক অর্থনীতিৰ ন’বেলৰ উপৰি অর্থনৈতিক বিজ্ঞানত শ্বেৰিজ ৰিকছবেংক বঁটা বুলিও জনা যায়৷

You might also like