বেঁকী নৈয়ে খহাইছে কলগাছিয়াৰ শওঁপুৰত বিকল্প ৰাজ্যিক ঘাইপথঃ গধুৰ যানবাহন চলাচল বন্ধ ঘোষণা প্ৰশাসনৰ
নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: কলগাছিয়াৰ শওঁপুৰত বিকল্প ৰাজ্যিক ঘাইপথৰ ওপৰেদি গধুৰ যানবাহন চলাচল বন্ধ ঘোষণা কৰিছে বৰপেটা জিলা প্ৰশাসনে। বেঁকী নদীৰ খহনীয়াত বিকল্প ৰাজ্যিক ঘাইপথৰ আধা অংশ নৈৰ বুকুত জাহ যোৱাৰ বাবেই প্ৰশাসনে লৈছে এই সিদ্ধান্ত।
ইপিনে প্ৰশাসনে পথ বন্ধ কৰি দিয়াৰ লগে লগে গুৱাহাটীৰ আমিনগাঁৱৰ পৰা বৰপেটা, বঙ্গাইগাঁও, গোৱালপাৰা, ধুবুৰী আদি কৰি নামনি অসমৰ যাতায়ত ব্যৱস্থা অচল হৈ পৰিছে। ফলত সৰ্বসাধাৰণ ৰাইজৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হৈছে।
এই ক্ষেত্ৰত স্থানীয় সাংসদ আৰু বিধায়কৰ ভূমিকাক তীব্ৰ সমালোচনা কৰিছে স্থানীয় ৰাইজে। খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ বেগ পেলোৱা হৈছে যদিও বেঁকী নদীৰ প্ৰৱল সোতে চপৰা চপৰে খহাই আছে বিকল্প ৰাজ্যিক ঘাইপথ। ইফালে শওঁপুৰত কে’বা কোটি টকা ব্যয় সাপেক্ষে নৱনিৰ্মিত মডেল স্কুললৈ তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগক গুৰুত্ব সহকাৰে বিকল্প ৰাজ্যিক ঘাইপথ ৰক্ষা কৰাৰ বাবে ৰাইজে দাবী জনাইছে।
Input: মফিদুল ইছলাম,কলগাছিয়া