নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ডাক বিভাগৰ বঢ়মপুৰৰ শ্বহীদ আৰু মুক্তিযোদ্ধালৈ বিৰল সন্মান

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ ভাৰত চৰকাৰৰ “আজাদি কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু শ্বহীদক অহা ১৩ অক্টোবৰ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষত একেসময়তে তেওঁলোকৰ নিজ নিজ জন্মস্থানত প্ৰত্যেকৰে নামত একোটাকৈ ডাক টিকট আৰু ক’ভাৰ এলবাম উন্মোচন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় ডাক বিভাগে।

সেই অনুসৰি ভাৰতীয় ডাক বিভাগে প্ৰথম পৰ্যায়ত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ৫৬ গৰাকী বীৰ শ্বহীদ আৰু মুক্তিযোদ্ধাৰ ভিতৰত নগাঁও জিলাৰ বঢ়মপুৰৰ শ্বহীদ বীৰাংগনা ভোগেশ্বৰী ফুকননী আৰু মুক্তিযোদ্ধা দুৰ্গেশ্বৰ শৰ্মা দেৱৰ নামত একোটাকৈ ডাক টিকট আৰু ক’ভাৰ এলবাম প্ৰস্তুত কৰি তেওঁলোকৰ শ্বহীদতীৰ্থ বঢ়মপুৰত উন্মোচন কৰিব। অনুষ্ঠানৰ লগত সংগতি ৰাখি নগাঁও জিলাৰ মুখ্য ডাকঘৰৰ তৰফৰ পৰা সোমবাৰে বঢ়মপুৰ ঘোগৰ গাঁৱৰ মুক্তিযোদ্ধা দুৰ্গেশ্বৰ শৰ্মাৰ পৰিয়াল আৰু শ্বহীদ ভোগেশ্বৰী ফুকননীৰ পৰিয়ালৰ লোকক নিমন্ত্ৰণ জনোৱাৰ লগতে ইতিমধ্যে প্ৰস্তুত হৈ উঠা ডাক টিকট সম্বলিত একোটাকৈ এলবামেৰে পৰিয়ালৰ লোকক সম্বৰ্ধনা জনায়।

দেশৰ ৫৬ জন শ্বহীদ আৰু মুক্তিযোদ্ধাৰ ভিতৰত বঢ়মপুৰৰ দুগৰাকী সুযোগ্য সন্তানে ডাক বিভাগৰ ফালৰ পৰা মৰণোত্তৰ ভাৱে লাভ কৰা এই বিৰল সন্মানত উৎফুল্লিত হৈ পৰিছে বঢ়মপুৰবাসী ।

You might also like