নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডৰ শিলচাঙত মুখ্যমন্ত্ৰীৰ মাতৃ আৰু ভাতৃৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ জাগীৰোডৰ শিলচাঙত আজি এক পথ দুৰ্ঘটনা সংঘটিত হয়। মুখ্যমন্ত্ৰীৰ মাতৃ আৰু ভাতৃ থকা গুৱাহাটীৰ পৰা ডিফু অভিমুখী ইন’ভা বাহনখন ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় । উজনি অসম অভিমুখী এখন scorpio বাহনৰ লগত সংগঠিত হয় পথ দুর্ঘটনাটো। ঘটনাস্থলীৰ পৰা পলায়ন কৰে scorpio বাহনখন। ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিচতে ঘটনা স্থলীত মৰিগাঁ‌ৱৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস উপস্থিত হয়। দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই যদিও AS01 BX 5271 নম্বৰৰ ইন’ভা  বাহনখন সামান্য পৰিমানে ক্ষতিগ্ৰস্ত হয়। পৰবৰ্তী সময়ত মৰিগাঁও আৰক্ষী প্ৰশাসনে মুখ্যমন্ত্ৰীৰ মাতৃ মৃণালিনী দেৱী আৰু ভাতৃ দিগন্ত বিশ্ব শৰ্মাক গুৱাহাটীলৈ ওভতাই পঠোৱাৰ ব্যৱস্থা কৰিছে । উল্লেখ্য যে গুৱাহাটীৰ পৰা ডিফুৰ এখন সভালৈ যোৱাৰ পথতে শিলচাঙত এনেদৰে সংঘটিত হয় দুৰ্ঘটনাটো। বাতৰি লিখা সময়লৈকে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা স্কোৰপিঅ বাহনখনৰ শুংসূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে।

প্ৰেৰক হৰি প্ৰসাদ মল্লিক

You might also like