নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰাণসীৰ পৰা ডিব্ৰুগড় : এমভি গংগা বিলাসৰ ফ্লেগ অফ অনুষ্ঠানত অংশগ্রহণ মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ১৩ জানুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি পাণ্ডু ঘাটৰ পৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভিডি কনফাৰেন্সৰ জৰিয়তে বিশ্বৰ আটাইতকৈ দীঘলীয়া নদীক্রুজ এম ভি গংগা বিলাসৰ ফ্লেগ অফ কৰা অনুষ্ঠানত অংশগ্রহণ কৰে৷ অত্যাধুনিক সুবিধাৰে সজ্জিত এম ভি গংগা বিলাসে ৫১ দিনত বাংলাদেশ অতিক্রম কৰি উত্তৰ প্রদেশৰ বাৰানসী আৰু উজনি অসমৰ ডিব্রুগডৰ মাজত ৩২০০ কিঃমিঃ দূৰত্ব অতিক্রম কৰিব আৰু এই পথছোৱাত পর্যটকে ৫০টা প্রধান পর্যটনস্থলী ভ্রমণৰ সুবিধা লাভ কৰিব৷ আনহাতে, প্রধানমন্ত্রীয়ে ৬ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীত নির্মাণ কৰা সামুদ্রিক দক্ষতা বিকাশ কেন্দ্রটো উদ্বোধন কৰাৰ লগতে পাণ্ডুত ২০৮ কোটি টকা ব্যয় সাপেক্ষে জাহাজ মেৰামতি কেন্দ্র আৰু ১৮০ কোটি টকা ব্যয় সাপেক্ষে ৰাষ্ট্রীয় ঘাইপথ ২৭ ৰ সৈতে সংযোগ কৰি পাণ্ডুৰ মাচ্ঢি মডেল টার্মিনেল সংযোগী এলিভেটেড পথৰ আধাৰশিলা স্থাপন কৰে৷ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে উত্তৰ পূর্বাঞ্চলৰ ৰাজ্যসমূহক দেশৰ বিকাশ আৰু উন্নয়নৰ ইঞ্জিন হিচাপে পৰিগণিত কৰাৰ উদ্দেশ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লোৱা একাধিক পদক্ষেপৰ বাবে তেওঁৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে৷ উত্তৰ–পূর্বাঞ্চলৰ পর্যটন ক্ষেত্রখনৰ প্রকৃত সম্ভাৱনাক বিকশাই তোলাৰ দিশত এম ভি গংগা বিলাস মুকলি কৰাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে পৰিবহনৰ যোগেদি উত্তৰ–পূবৰ ৰূপান্তৰৰ প্রধানমন্ত্রীৰ লক্ষ্যক বাস্তৱায়িত কৰাৰ দিশত ইয়ে বহুলাংশে বৰঙণি যোগাব৷ মুখ্যমন্ত্রীয়ে দেশৰ আৰু বাহিৰৰ পর্যটকসকলক এম ভি গংগা বিলাসে আগবেোৱা সুবিধা গ্রহণ কৰিবলৈও পর্যটকসকলক আহ্বান জনায়৷ সামুদ্রিক দক্ষতা বিকাশ কেন্দ্রই অঞ্চলটোৰ যুৱক–যুৱতীসকলক্ আগন্তুক দিনত সামুদ্রিক খণ্ডই প্রধান কৰিবলগীয়া কর্ম সংস্থাপন আৰু আত্মনিয়োজনৰ সুযোগসমূহৰ ব্যৱহাৰ কৰিব পৰাটো নিষ্চিত কৰিব বুলিও মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে৷ তেওঁ লগতে কয় যে জাহাজ মেৰামতি কেন্দ্র আৰু পাণ্ডু বন্দৰক ৰাষ্ট্রীয় ঘাইপথ ২৭ ৰ সৈতে সংযোগ কৰা পথটোৱে অঞ্চলটোৰ নদী জাহাজ খণ্ডৰ বাবেই নহয়, ৰাজ্যৰ অর্থনৈতিক বিকাশতো অপৰিসীম বৰঙণি যোগাব৷ ইয়াৰ পূর্বে শক্তি কৰিডৰ আৰু বৌদ্ধিক মহলত উত্তৰ–পূবৰ মূল সুঁতিৰ প্রয়োজনীয়তাৰ কথা চর্চা হৈছিল যদিও প্রধানমন্ত্রী মোদীৰ নেতৃত্বত ই কেৱল ঘোষণা হৈয়ে নাথাকিল, বৰং আখৰে আখৰে ৰূপায়ণ হৈছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ তেওঁ লগতে কয় যে প্রধানমন্ত্রী মোদীৰ নেতৃত্বত উত্তৰ–পূবত আজি সকলো দিশতে অভূতপূর্ব অগ্রগতি লাভ কৰিছে৷ কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্রী সর্বানন্দ সোণোৱাল, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথ, বিহাৰৰ উপ মুখ্যমন্ত্রী তেজস্বী যাদৱেও ভিডি কনফাৰেন্সিঙৰ জৰিয়তে যোগাদান কৰাৰ লগতে পাণ্ডুত আয়োজিত অনুষ্ঠানত কেন্দ্রীয় জাহাজ পৰিবহন দপ্তৰৰ ৰাজ্যিক মন্ত্রী শ্রীপদ নাইক আৰু সাংসদ কুইন ওজাও উপস্থিত থাকে৷

You might also like