নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত কৃষি বিভাগৰ স্বীকৃতিপ্ৰাপ্ত বীজ গাঁও নকুলত কৃষি বিপ্লৱ

নিয়মীয়া বাৰ্তা , ১০ নবেম্বৰ:-কৃষি বিভাগৰ দ্বাৰা বীজ গাঁও হিচাপে স্বীকৃতিপ্ৰাপ্ত ৰঙিয়াৰ নকুলত আৰম্ভ হৈছে কৃষি বিপ্লৱ । দুশ বিঘা মাটিত উন্নত জাতৰ ৰঞ্জিত চাব-১ ধানৰ খেতিৰে লাভৱান হৈছে ডেৰ শতাধিক কৃষক । প্ৰথমবাৰৰ বাবে বীজ গাঁও হিচাপে স্বীকৃত এই অঞ্চলৰ বহু খেতিয়কে কৃষি বিভাগৰ পৰা প্ৰশিক্ষণ লৈ বিজ্ঞানসন্মতভাৱে উন্নত প্ৰজাতিৰ ধান ৰোপণ কৰিছে । কৃষি বিভাগৰ বীজ গাঁও আঁচনিৰ অধীনত বিনামূলীয়াকৈ লাভ কৰা ধানৰ বীজেৰে আধুনিক প্ৰযুক্তিৰে খেতি কৰি এইসকল কৃষক যথেষ্ট লাভবান হৈছে । পূৰ্বতে এবিঘা মাটিত মাত্ৰ ১০-১২ মোন ধানহে উৎপাদন হৈছিল , কিন্তু আধুনিক পদ্ধতিৰে কৰা এই উন্নত জাতৰ বীজেৰে কৰা খেতিত এবিঘা মাটিত ২৫ ৰ পৰা ৩০ মোন পৰ্যন্ত ধান উৎপাদন কৰিবলৈ সক্ষম হৈছে । এই সকল কৃষকে নিজে স্বাৱলম্বী হৈ এক নিদৰ্শন দাঙি ধৰি বহু লোকক দেখুৱাইছে কৃষি কৰ্মৰে উপাৰ্জন কৰাৰ পথ ।

You might also like