নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ নকছাৰীত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ : স্মৃতিগ্ৰন্থ ‘অন্বেষণ’ উন্মোচন

বিশেষ বাৰ্তা, ২৬ নৱেম্বৰঃ যোৰহাট জিলা শিশু বিজ্ঞান একাডেমী, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ পূব যোৰহাট খণ্ড আৰু নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আজি নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্য্যসূচীৰে যোৰহাট জিলাৰ ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহখনি সম্পন্ন হয়। কাৰ্য্যতঃ যোৰহাট জিলাৰ ভিন্ন প্ৰান্তৰৰ পৰা অহা ১০১ খন মাধ্যমিক বিদ্যালয়ৰ দুশৰো অধিক শিশু বিজ্ঞানীয়ে আজি মুখৰিত কৰি তোলে নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণ। ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি সংযোগ পৰিষদৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত সমাৰোহখনিৰ পুৱা পতাকা উত্তোলন কৰি মুকলি কৰে যোৰহাট বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰৰ ড° ৰাজীৱ বৰাই। এই শিশু বিজ্ঞান সমাৰোহত জিলাখনৰ শিশু বিজ্ঞানী সকলে তেওঁলোকৰ বিভিন্ন প্ৰকল্প আৰ্হি সমূহ উপস্থাপন কৰে। কোনোবা বিদ্যালয়ে যদি প্ৰকল্পৰ আৰ্হি দিছে পৰিৱেশৰ ওপৰত আন কোনোৱে দিছে জৈৱ বৈচিত্রতাৰ ওপৰত। আন কোনোবাই যদি দিছে ধান উৎপাদন সম্পর্কত তেন্তে কোনোৱে দিছে এৰি পলু পালনৰ ওপৰত। এনেদৰে যোৰহাট জিলাৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা শ শ শিশু বিজ্ঞানীক নানান বিষয়ৰ ওপৰত নিজৰ নিজৰ প্ৰকল্প সমূহ উপস্থাপন কৰা দেখা গ’ল। শিশু বিজ্ঞানীসকলৰ সৃষ্টি প্ৰকল্পসমূহে সকলোকে আকৰ্ষণ কৰা দেখা গ’ল। আনহাতে, শিশু বিজ্ঞান সমাৰোহ খনিৰ সামৰনি অনুষ্ঠানৰ আঁ‌ত ধৰে জ্যেষ্ঠ শিক্ষক তথা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ নকছাৰিৰ সমন্বয়ক নৱজিৎ ভূঞাই। এই অনুষ্ঠানতে ছাত্ৰ-ছাত্ৰীসকলে সমবেত সংগীত পৰিবেশন কৰে । আনহাতে ড° দিপালী খাৰঘৰীয়াই সম্পাদনা কৰা ‘অন্বেষণ’ নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক তথা প্ৰাক্তন ছাত্ৰ নেতা চক্ৰসেন গগৈয়ে। স্মৃতিগ্ৰন্থ উম্মোচনী অনুষ্ঠানত জিলা শৈক্ষিক সমিতিৰ সমন্বয়ক হেমেন কুমাৰ শইকীয়া, কাৰ্যকৰী সভাপতি প্ৰবীণ কুমাৰ বৰুৱা, জিলা সমন্বয়ক ধীৰেন্দ্ৰ কুমাৰ গগৈ আদিও উপস্থিত থাকে। নকছাৰি মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপক তথা পৰিবেশ কৰ্মী ড° কুমুদ ঘোষে জৈৱ বৈচিত্রতাৰ ওপৰত ব্যক্তব্য প্ৰদান কৰে। তেওঁ মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ ওপৰত বিশ্লেষাত্মক ব্যক্তব্য প্ৰদান কৰি ছাত্ৰ ছাত্ৰীক উপকৃত কৰে । ইফালে, বিজ্ঞান সমাৰোহৰ লগত সংগতি ৰাখি নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেৰিয়াৰ গাইডেন্সৰ এটি কক্ষ ড° অদিতি বেজবৰুৱাই মুকলি কৰে। অনুষ্ঠানটোত বিজ্ঞান মানসিকতা গঢ়ি তুলিবলৈ এখনি ছুটি নাটও বিদ্যালয়খনিৰ ছাত্ৰ-ছাত্ৰীসকলে মঞ্চস্থ কৰে। আনহাতে, মুকলি সভাত যোৰহাট তাৰকাগৃহৰ তত্বাৱধায়ক ড° প্ৰণৱজ্যোতি চেতীয়া, নেইষ্টৰ বিজ্ঞানী ড° প্ৰমোদ চন্দ্ৰ নেওগ, ড° পৰাণ বৰুৱা, নকছাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ উত্তম বৰুৱা আদি কেবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি উপদেশমূলক বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে, আজি বিজ্ঞান সমাৰোহত অংশ লোৱা জিলাখনৰ ১০১ বিদ্যালয়ৰ মাজৰ পৰা ১০ খন বিদ্যালয়ৰ ১১ টা প্ৰকল্প আৰ্হি ৰাজ্যিক সমাৰোহলৈ নিৰ্বাচিত হৈছে। নিৰ্বাচিত প্ৰকল্প আৰ্হিসমূহ হৈছে ক্ৰমে যোৰহাট কেন্দুগুৰি জাতীয় বিদ্যালয়, টিয়ক জ্যোতি বিদ্যাপীঠ, পীড়াকটা মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বনাই হাইস্কুল (২টা প্ৰকল্প), বামুনপুখুৰী হাইস্কুল, অনুসূচিত জাতি নেপালী জয়ন্তী হাইস্কুল, পি এম ধলাজান হাইস্কুল, সীমান্তবস্তি জয়ন্তীয়া হাইস্কুল, ফুলবাৰী হাইস্কুল আৰু নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰকল্প আৰ্হি। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বিদ্যালয়খনিৰ চৌহদত সন্ধিয়া যোৰহাট তাৰকাগৃহৰ সহযোগত ‘আকাশ চোৱাৰ’ বিশেষ ব্যৱস্থা কৰা হয়। এই অনুষ্ঠানে ছাত্ৰ-ছাত্ৰীসকলক পুলকিত কৰি তোলে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like