নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ মাহ পিছত বিদেশী নাগৰিকক আমেৰিকা ভ্রমণৰ অনুমতি

নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ সুদীর্ঘ ২০ মাহৰ পিছত আমেৰিকাই ক’ভিড ভেকচিনৰ দুয়োটা ড’জ লোৱা বিদেশী লোকসকলক দেশখনত প্রৱেশৰ অনুমতি দিছে৷ আনুষ্ঠানিকভাৱে সীমান্ত পথ মুকলি কৰি দিছে আমেৰিকাই৷

উল্লেখনীয় যে প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে বিদেশী নাগৰিকৰ আমেৰিকাত প্রৱেশৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছিল ক’ভিড মহামাৰীৰ বাবে৷ ইয়াৰ ফলত প্রায় ৩০খন দেশৰ নাগৰিকসকল সমস্যাৰ সন্মুখীন হৈছিল৷

আনকি ব্রিটেইন তথা ইউৰোপীয় সংঘৰ দেশসমূহৰ নাগৰিকৰ ক্ষেত্রতো একেই নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷ ইয়াৰ ফলত বহু লোক পৰিয়ালৰ পৰাই বিচ্ছিন্ন হৈ আছিল ২০ মাহ ধৰি৷ আনফালে, পর্যটন শিল্পত এই নিষেধাজ্ঞাই প্রতিকূল প্রভাৱ পেলাইছিল৷

You might also like