নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৃজনগ্রামত সত্রৰ কাষতে গো–হত্যা কৰি ভোজৰ আয়োজন

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: হিন্দু ধর্মাৱলম্বী লোকৰ উপাসনাস্থলীৰ নাতিদূৰতে একাংশ ইছলাম ধর্মাৱলম্বী লোকে গো–হত্যা কৰি ভোজভাতৰ আয়োজন কৰাক কেন্দ্র কৰি তীব্র চাঞ্চল্য সৃষ্টি হৈছে বঙাইগাঁও জিলাৰ সৃজনগ্রাম অঞ্চলত৷

জানিব পৰা মতে, ইতিহাসপ্রসিদ্ধ বঙাইগাঁও জিলাৰ সৃজনগ্রামৰ সস্তৰস্থিত শ্রীশ্রীৰঘুনাথ বিগ্রহ মন্দিৰ সত্রৰ নাতিদূৰৈত থকা কৃষিভূমিত কৃষিকর্মৰ বাবে একাংশ খহনীয়াত ক্ষতিগ্রস্ত ইছলাম ধর্মাৱলম্বী লোকক বছৰেকীয়া নিৰিখ নির্ধাৰণ কৰি লীজত দিয়ে৷ সত্রখনৰ দাঁতিত থকা দিলীপ বর্মন আৰু জিতেন বর্মনৰ পৰিত্যক্ত কৃষিভূমিত খেতি–বাতি কৰি খহনীয়াত জীৱিকাৰ পথ প্রশস্ত কৰাৰ উদ্দেশ্যে ক্ষতিগ্রস্ত হোৱা মাণিকপুৰ থানাৰ অন্তর্গত ৪নং ভাণ্ডাৰাৰ আবুল হুছেইন, মকবুল হুছেইন, মহিদুল হক, হবিবৰ ৰহমান, আকবৰ আলী আৰু ৬নং বাঁশবাৰীৰ আমিৰ আলীক কিছুদিন পূর্বে চমজাই দিছিল৷ সেই মতে কৃষিকর্মৰ বাবে অহা এইসকল লোকে খেতিপথাৰতে ঘৰ–দুৱাৰ সাজি পৰিয়ালৰ সৈতে থাকিবলৈ লয়৷ কিন্তু কালি মহিদুল হকৰ ঘৰত ধর্মীয় অনুষ্ঠানৰ গইনা লৈ গো–হত্যা কৰি ৰাইজক ভোজভাত খুওৱাৰ আয়োজন কৰে৷ এই কথা স্থানীয় লোকে জানিব পাৰি লোককেইজনৰ ওপৰত খর্গহস্ত হৈ পৰে আৰু তেওঁলোকৰ কৃষিভূমিত গো–মাংসৰে ভোজভাতৰ আয়োজন কৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷

ইতিমধ্যে বিষয়টো অঞ্চলটোত বনজুইৰ দৰে বিয়পি পৰাত স্থানীয় কেইবাটাও সংগঠনে জাঙুৰ খাই উঠে আৰু পৰিস্থিতি ক্রমাৎ উত্তপ্ত হৈ পৰে৷ অভয়াপুৰী থানা আৰু বৰঘোলা আৰক্ষী চকীৰ অন্তর্গত আমগুৰি, সস্তৰ এলেকাত সংঘটিত উক্ত ঘটনাৰ পাছতে উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া হেমেন দাস, মহকুমা কার্যবাহী দণ্ডাধীশ শুভম আদিত্য বৰা, অভয়াপুৰী থানাৰ ভাৰপ্রাপ্ত বিষয়া দীপক শইকীয়া উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ বৰঘোলা আৰক্ষী চকীত কালি নিশা চাৰে দহ বজালৈ দুয়োপক্ষৰ মাজত এক বৈঠক অনুষ্ঠিত কৰি উত্তপ্ত পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, হিন্দু ধর্মাৱলম্বী লোকৰ বসতিস্থল তথা ইতিহাসপ্রসিদ্ধ সত্র এখনৰ নিকটতে তিনিটাকৈ গো হত্যা কৰি ভোজভাতৰ আয়োজন কৰা কার্যক বৈঠকত সকলোৱে একমুখে গৰিহণা দিয়ে৷ এনে কার্যৰ বাবে ইছলাম ধর্মাৱলম্বী লোককেইজনে অৱশেষত প্রশাসন আৰু ৰাইজৰ ওচৰত ক্ষমা বিচাৰে৷

ইপিনে উক্ত লোককেইজনক পূর্বে নির্ধাৰণ কৰা সময়লৈ কৃষিকর্ম কৰাৰ অনুমতি দিয়ে যদিও পথাৰৰ মাজত সজা ঘৰ–দুৱাৰ অহা ২৩ নৱেম্বৰৰ ভিতৰত নিজৰ স্থানলৈ লৈ যোৱাৰ বাবে নির্দেশ দিয়ে৷ উক্ত ঘটনাটোক কেন্দ্র কৰি আজিও অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে৷

You might also like