বিজেপিৰ টিকট লাভ কৰি মাৰ্ঘেৰিটাত উপস্থিত ভাস্কৰ শৰ্মা, বিপুল আদৰণি
নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ ১২৪নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰি আজি মাৰ্ঘেৰিটাত উপস্থিত হয় ভাস্কৰ শৰ্মা। সহস্ৰাধিক সমৰ্থকসহ বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলে ঢোলে-ডগৰে আদৰণি জনাই ভাস্কৰ শৰ্মাক।
প্ৰথমে পাৱৈ চাহ বাগিচাৰ সমীপত বিভিন্নজনে ফুলাম গামোচাৰে আদৰণি জনাই এখন খোলা জিপ গাড়ীৰে আদৰি আনি মাৰ্ঘেৰিটা ১নং মাকুম পথাৰস্থিত ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথেদি এক বিশাল শোভযাত্ৰা কৰি তেওঁক আগবঢ়াই লৈ যায় বিজেপি দলীয় সমৰ্থকসকলে।
ইয়াৰ পিছতেই উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত অনুষ্ঠিত হোৱা এখন সভাত ব্লক মণ্ডল, সদৰ মণ্ডল, জিলা পৰিষদৰ সদস্যৰ লগতে দলীয় সকলো কৰ্মকৰ্তাকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে নিৰ্বাচনত বিজয়ী হ’লে বাকী থকা আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
শৰ্মাই সাংবাদিকৰ আগত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিয়াৰ লগতে কয় যে এইবাৰ পুনৰ বিপুল ভোটত জয় লাভ কৰিবলৈ সক্ষম হ’ব। মাৰ্ঘেৰিটাত বিৰোধী শূন্য, গতিকে জয়ৰ ক্ষেত্ৰত কোনো বাধা নাই বুলি উল্লেখ কৰে বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাই।
ৰাইজৰ বিপুল আদৰণিত আৱেগিক দেখা গ’ল ভাস্কৰ শৰ্মাক। আনহাতে অহা ৮ মাৰ্চত মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ৰ নিৰ্বাচনী বিষয়াৰ হাতত ভাস্কৰ শৰ্মাই মনোনয়ন পত্ৰ প্ৰদান কৰিব বুলি মাৰ্ঘেৰিটা বিজেপি দলৰ তৰফৰ পৰা জানিবলৈ দিছে।