নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘিলামৰাত নীতি-বহিৰ্ভূতভাৱে শিক্ষক বদলি : প্ৰতিবাদ বিদ্যালয় পৰিচালনা সমিতিৰ

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমুহৰ অপমৃত্যুৰ সংকেট ঘন্টা বাজিবলৈ ধৰা সময়তে প্ৰায় এহেজাৰ ছাত্ৰ-ছাত্ৰীয়ে ভৰি থকা ৰাজ্যৰ আগশাৰীৰ এখন বিদ্যালয়- ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ এজন শিক্ষকক সম্পূৰ্ণ নীতি বহিঃভূত ভাৱে অন্য এখন বিদ্যালয়লৈ লৈ যোৱা কাৰ্যৰ প্ৰতিবাদত বৃহস্পতিবাৰে ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰিচালনা সমিতি, ছাত্ৰ ছাত্ৰীৰ অভিভাৱক তথা স্থানীয় ৰাইজে ঘিলামৰাস্থিত বৰদলনি শিক্ষা খণ্ডৰ কাৰ্যালয়ত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ ভিতৰতে উল্লেখযোগ্য আৰু নামজ্বলা বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে আৰু অধিক শিক্ষকৰ প্ৰয়োজন হৈ থকাৰ সময়তে এজন শিক্ষকক বদলি কৰি নিয়াৰ ফলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাৰ ক্ষেত্ৰত দুদিন ধৰি দেখা দিছে সমস্যাই৷ বিদ্যালয় খনৰ অভিভাৱক সকলে জানিবলৈ দিয়া মতে বিদ্যালয়ৰ জনৈক পূৰ্বালী তালুকদাৰ নামৰ চিৰিং গঢ়া প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী নিৰাপত্তাজনিত কাৰণত নিজ গৃহ স্থানৰ অন্য এখন বিদ্যালয়লৈ অস্থায়ী ভিত্তিত বদলি হৈ যোৱাৰ বিপৰীতে ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ নিচিনা ৰাজ্যৰ আগশাৰীৰ প্ৰাথমিক বিদ্যালয়ৰখনৰ পৰা নীতিবহিৰ্ভূতভাৱে এজন শিক্ষকক বদলি কৰি নিয়া কাৰ্যত স্বাভাবিকতে ক্ষুভিত হৈ পৰিছে বিদ্যালয় শিক্ষক গোট, পৰিচালনা সমিতি, অভিভাৱক তথা স্থানীয় ৰাইজ। ঘটনাৰ সম্পৰ্কত বৰদলনি প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়ালৈ‌ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰি বিদ্যালয়খনত অনতিপলমে অতিৰিক্ত শিক্ষক নিযুক্তিৰো দাবী জনাইছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ লগতে বিদ্যালয় পৰিচালনা সমিতি আৰু ঘিলামৰা অঞ্চলৰ শিক্ষানুৰাগী জনতাই ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like