নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝাৰগাঁৱত ওদালগুৰি জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সপ্তম দ্বিবাৰ্ষিক সমাৰোহ

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰ: ওদালগুৰি জিলা জাতীয় বিদ্যালয় সমন্বয় ৰক্ষী সমিতিৰ ২০২২ বৰ্ষৰ সপ্তম দ্বি-বাৰ্ষিক সমাৰোহ আজিৰ পৰা ঝাৰগাঁৱত আৰম্ভ হৈছে। জিলাখনৰ কুৰি খনৰো অধিক জাতীয় বিদ্যালয়ে অংশ গ্ৰহণ কৰা এই সমাৰোহক লৈ আজি পুৱাৰে পৰা কলাগুৰু জাতীয় বিদ্যালয়, ঝাৰগাঁৱৰ প্ৰাংগণত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। কলাগুৰু জাতীয় বিদ্যালয়,ঝাৰগাঁৱৰ আতিথ্যত আজিৰ পৰা ২৪ ডিচেম্বৰলৈ তিনি দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা সমাৰোহৰ কাৰ্যসূচী অনুসৰি আজি প্ৰথম দিনা পুৱাৰ ভাগত সমাৰোহৰ মূল তোৰণ উদ্বোধন কৰে ভেৰগাঁও জিলা ইউ পি পি এলৰ প্ৰশাসনিক সম্পাদক এন্থনী বসুমতাৰীয়ে। বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে ঝাৰগাঁৱৰ অগ্ৰণী মহিলা জুলী শৰণীয়াই। ইয়াৰ পিছতে সমন্বয় ৰক্ষী সমিতিৰ পতাকা উত্তোলন কৰে সমন্বয় ৰক্ষী সমিতিৰ সভাপতি নন্দেশ্বৰ ঠাকুৰীয়াই। লগে লগে জিলা খনৰ জাতীয় বিদ্যালয় সমুহৰ অধ্যক্ষ সকলে উত্তোলন কৰে নিজ নিজ বিদ্যালয়ৰ পতাকা। কলাগুৰু জাতীয় বিদ্যালয়,ঝাৰগাঁৱৰ প্ৰতিষ্ঠাপক অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে স্মৃতি তৰ্পণ কাৰ্যসূচী। অতিথি শালা উদ্বোধন কৰে শিক্ষয়িত্ৰী পদ্মেশ্বৰী ডেকাই। ঝাৰগাঁৱৰ বিশিষ্ট নাগৰিক লংকেশ্বৰ ডেকাই উদ্বোধন কৰে ক্ৰীড়া প্ৰতিযোগিতা। ঝাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কুমাৰ শৰ্মাই মুকলি কৰে ভোজনালয়ৰ দ্বাৰ । মঞ্চ উদ্বোধন কৰে সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ লংকেশ্বৰ হাজৰিকাই। মঞ্চ উদ্বোধনৰ লগে লগে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হয় তৰ্ক প্ৰতিযোগিতা। অৱনী মোহন নাথৰ অধ্যক্ষতাত অনুষ্ঠিত “শিক্ষা গ্ৰহণৰ সৰ্বোত্তম মাধ্যম মাতৃ ভাষা” শীৰ্ষক তৰ্ক প্ৰতিযোগিতাত বনশ্ৰী কলিতাই প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থান অধিকাৰ কৰে মল্লিকা খাটুনে। ইয়াৰ পিছতে বাতৰি যুগুতোৱাৰ পৰলৈকে চলি থাকে কবিতা আবৃত্তি প্ৰতিযোগিতা। কাইলৈ অনুষ্ঠিত হ’ব চিত্ৰাংকন আৰু সাংস্কৃতিক প্ৰতিযোগিতা। ইপিনে সমাৰোহ থলীত এক আকৰ্ষণীয় প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like