নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাট বিধানসভা নির্বাচন : প্রার্থী তালিকাত নৱাগত-যুৱকক প্রাধান্য 

বিশেষ বাৰ্তা, ১১ নৱেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ গৃহৰাজ্য গুজৰাট বিধানসভা নির্বাচনক লৈ শাসকীয় বিজেপিয়ে নির্বাচনী ৰণনীতি সলনি কৰিবলৈ বাধ্য হৈছে৷ অহা ১ আৰু ৫ ডিচেম্বৰত দুটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া ১৮২জনীয়া বিধানসভাৰ বাবে আজি বিজেপিয়ে প্রথম প্রার্থীৰ তালিকা প্রকাশ কৰিছে৷ এই প্রার্থী তালিকাত প্রতিষ্ঠানবিৰোধী ঢৌৰ সৈতে মোকাবিলা কৰাৰ বাবে শাসকীয় দলটোৱে কৌশলী নীতি প্রস্তুত কৰি তাৰ আধাৰত প্রথম প্রার্থীৰ তালিকা প্রকাশ কৰিছে৷ ১৮২জনীয়া বিধানসভাৰ আজি বিজেপিয়ে ১৬০জনীয়া তালিকা প্রকাশ কৰিছে৷ এই তালিকাত শাসকীয় দলটোৰ ৩৮জন বিধায়কক প্রার্থিত্বৰ পৰা বঞ্চিত কৰাৰ লগতে আন ৩৮জনৰ সমষ্টি সলনি কৰিছে৷ প্রতিষ্ঠানবিৰোধী ঢ়ৌৰ বাবেই শাসকীয় দলটোৱে নতুন প্রার্থী আৰু নৱপ্রজন্মক গুৰুত্ব দিছে৷ দলটোৰ অধিকাংশ জ্যেষ্ঠ নেতাক প্রার্থিত্বৰ বাবে বাছনি কৰাৰ বিপৰীতে নৱপ্রজন্ম আৰু নতুন নেতাক প্রাধান্য দিয়া হৈছে প্রথম প্রার্থীৰ তালিকাত৷ প্রকাশিত তালিকা অনুসৰি ৰাজ্যখনৰ জনপ্রিয় নৱপ্রজন্মৰ নেতা হার্দিক পেটেলক বিৰামগামৰ পৰা প্রার্থিত্ব প্রদান কৰা হৈছে৷ মন কৰিবলগীয়া যে পাটিডাৰ আন্দোলনৰ অন্যতম নেতা হার্দিক পেটেলে কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাছতেই দলটোৱে যুৱ প্রজন্মৰ জনপ্রিয় নেতা হার্দিক পেটেলক বিৰামগামৰ পৰা প্রার্থিত্ব প্রদান কৰিছে৷ আনপিনে, ভাৰতীয় ক্রিকেট দলৰ তাৰকা ক্রিকেটাৰ ৰবীন্দ্র জাদেজাৰ পত্নী ৰিভাবা জাদেজাকো প্রথম তালিকাত স্থান দিয়া হৈছে৷ ৰবীন্দ্র জাদেজাৰ পত্নী ৰিভাবা জাদেজাই প্রথমবাৰৰ বাবে নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ ক্রিকেটাৰ ৰবীন্দ্রৰ পত্নী ৰিভাবা জাদেজা হৈছে কংগ্রেছৰ প্রবীণ নেতা হৰিসিং চোলাংকিৰ সম্পর্কীয়৷ ৰাজপুত পৰিয়ালৰ লগতে ৰাজবংশীয় সম্পর্কীয়৷ ৰিভাবা জাদেজাই জাম নগৰ–সৌৰাষ্ট্র অঞ্চলত সক্রিয় ৰাজনীতিক হিচাপে পৰিচিত৷ মেকানিকেল অভিযান্ত্রিক পাঠ্যক্রম সম্পূর্ণ কৰা ৰিভাবা জাদেজাক বিজেপিয়ে জাম নগৰ দক্ষিণৰ পৰা প্রার্থিত্ব প্রদান কৰিছে৷ লক্ষণীয় যে এই সমষ্টিৰ বর্তমানৰ বিধায়ক ধর্মেন্দ্র সিং এম জাদেজাৰ স্থানত ৰবীন্দ্র জাদেজাৰ পত্নী ৰিভাবাক প্রার্থিত্ব দিয়া হৈছে৷ তদুপৰি অলপতে সংঘটিত ম’ৰবি ওলোমা দলং দুর্ঘটনাত উদ্ধাৰ অভিযানত সাহসিকতাৰ বাবে প্রাক্তন বিধায়ক কান্তিলাল অমৰুটিয়াক ম’ৰবিৰ প্রার্থিত্ব প্রদান কৰা হৈছে৷ ম’ৰবিৰ বর্তমানৰ বিধায়ক ব্রিজেশ মেৰজাক আঁতৰাই ম’ৰবি দলং দুর্ঘটনাত উদ্ধাৰ চলাবলৈ নৈত জাঁপ দিয়া কান্তিলাল অমৰুটিয়াক প্রার্থিত্ব দিছে শাসকীয় বিজেপিয়ে৷ আজি প্রকাশ কৰা তালিকাত মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলে তেওঁৰ সমষ্টি ঘাটলোডিয়াৰ পৰাই প্রতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে৷ কেন্দ্রীয় মন্ত্রী ভূপেন্দ্র যাদৱে নতুন দিল্লীত গুজৰাটৰ প্রথমখন তালিকা ঘোষণা কৰি এই তালিকাত ৩৮জন বর্তমানৰ বিধায়কক প্রার্থিত্ব প্রদান কৰা হোৱা নাই বুলি ঘোষণা কৰিছে৷ গুজৰাট বিজেপিৰ সভাপতি চি আৰ পাটিলৰ সৈতে সংবাদ মেল সম্বোধন কৰা কেন্দ্রীয় মন্ত্রী ভূপেন্দ্র যাদৱ আৰু মনসুখ মাণ্ডাভিয়াই প্রকাশ কৰা মতে দলৰ কেন্দ্রীয় নির্বাচন কমিটীয়ে বুধবাৰে বৈঠকত গ্রহণ কৰা সিদ্ধান্তমর্মেই প্রথমখন প্রার্থীৰ চূড়ান্ত তালিকা প্রকাশ কৰা হৈছে৷ তাৎপর্যপূর্ণ যে এইবেলি নির্বাচনত প্রাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানি আৰু প্রাক্তন উপ–মুখ্যমন্ত্রী নীতিন পেটেলে প্রতিদ্বন্দ্বিতা নকৰোঁ বুলি লিখিত পত্র দিয়াৰ বাবে প্রার্থিত্ব প্রদান কৰা নাই দলটোৱে৷ ১৯৯৫ চনৰে পৰা ৰাজ্যখনৰ শাসনত থকা বিজেপিয়ে পুনৰ বৃহৎ জয়েৰে শাসনৰ গাদীলৈ অহাৰ লক্ষ্যৰেই বর্তমানৰ বিধায়কক টিকটৰ পৰা বঞ্চিত কৰি নতুন প্রার্থী আৰু নৱপ্রজন্মৰ নেতাক প্রাধান্য দিয়া বুলি প্রকাশ কৰা হৈছে৷ ৰাজ্যখনৰ নির্বাচন এইবাৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে এই কাৰণেই যে শাসকীয় বিজেপিক উৎখাত কৰিবলৈ নতুন দিল্লী আৰু পঞ্জাবৰ শাসকীয় দল আম আদমী পার্টীয়ে প্রচাৰ অভিযান তীব্রতৰ কৰি তুলিছে৷ নির্বাচনৰ দিন ঘোষণা নকৰাৰ দুমাহ পূর্বৰ পৰাই আম আদমী পার্টীৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে ৰাজ্যখনত প্রচাৰ চলাই বিজেপিক উৎখাতৰ ৰণনীতিৰে প্রচাৰ অভিযান চলাই আছে৷ আনপিনে, বিৰোধী কংগ্রেছ দলেও ৰাজ্যখনত প্রচাৰ তীব্রতৰ কৰি তুলিছে৷ ৰাজ্যখনৰ নির্বাচন ঘোষণা কৰাৰ পাছতেই কংগ্রেছৰ দুগৰাকীকৈ জ্যেষ্ঠ নেতাই দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে৷ যাৰ বাবে কংগ্রেছ শ’লঠেকত পৰাও পৰিগণিত হৈছে৷ দেশৰ বিভিন্ন সংবাদ মাধ্যমৰ সমীক্ষাত এইবেলি নির্বাচন অধিক আকর্ষণীয় হৈ পৰিব৷ শাসকীয় বিজেপিক আম আদমী পার্টীয়ে প্রত্যাহ্বান জনোৱাৰ ইংগিত স্পষ্ট হৈ উঠিছে৷ ইয়ে সমাগত বিধানসভা নির্বাচনক আকর্ষণীয় কৰি তুলিছে৷ উল্লেখ্য যে প্রধানমন্ত্রী মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ গৃহ ৰাজ্য গুজৰাটৰ বিধানসভা নির্বাচন বিজেপিৰ বাবে সন্মানৰ যুঁজ৷

You might also like