নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপায়ুক্ত–আৰক্ষী অধীক্ষকৰে যুটীয়া বৈঠক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বিশেষ বাৰ্তা, ২ নৱেম্বৰঃ ৰাজ্যৰ প্রশাসন ব্যৱস্থাটোক অধিক জনমুখী কৰা আৰু প্রশাসনৰ কাম–কাজ অধিক ক্ষীপ্র কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে যোৱা ডেৰটা বছৰত বিভিন্ন প্রচেষ্টা অব্যাহত ৰাখিছে৷ অসমৰ জনকল্যাণৰ বাবে বর্তমান চলি থকা আৰু ভৱিষ্যতৰ পৰিকল্পিত আঁচনি তথা কার্যসূচীসমূহৰ লগতে আইন–শৃংখলাৰ ব্যৱস্থাৱলী পর্যালোচনাৰ বাবে আজি মুখ্যমন্ত্রী ড০ শর্মাই জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে এখন যুটীয়া বৈঠকত মিলিত হয়৷ গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এই বৈঠকৰ প্রথমার্ধত মুখ্যমন্ত্রী ড০ শর্মাই জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে যুটীয়াভাৱে এখন বৈঠকত মিলিত হয়৷ এই প্রথমখন বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে এইখন বৈঠক মূলতঃ অহা ২৪ নৱেম্বৰত ৰাজ্য চৰকাৰে পালন কৰিবলগীয়া বীৰ লাচিত বৰফকুনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তীৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়৷ অহা ১৮ নৱেম্বৰত পুলিচ বেণ্ডেৰে কিদৰে লাচিত দিৱসৰ পূর্বে সপ্তাহজোৰা কার্যসূচীৰে আৰম্ভ কৰা হ’ব, জিলাসমূহত কিদৰে এই দিৱস উদ্যাপিত হ’ব, শিক্ষানুষ্ঠানৰ ছাত্র–ছাত্রীসকলে বীৰ লাচিতৰ বিষয়ে লিখা ৰচনা প্রতিযোগিতা কেনেদৰে আয়োজিত হ’ব আৰু অহা ২৪ নৱেম্বৰত কিদৰে অনুষ্ঠানৰ সামৰণি পৰিব সেই সকলো দিশৰ বিষয়ে বিস্তৃতভাৱে বৈঠকখনত আলোচনা কৰা হৈছে৷ তদুপৰি ৰাজ্য চৰকাৰে চলিত মাহৰ মাজভাগৰ পৰা আৰম্ভ কৰিবলগীয়া বসুন্ধৰা–২.০ আঁচনি, অনুসূচিত–জনজাতি আৰু অ’বিচি সম্প্রদায়ৰ লোকসকলৰ বাবে জাতিগত প্রমাণ পত্র প্রদানৰ বাবে চৰকাৰে আৰম্ভ কৰা মিছন ভূমিপুত্র প’র্টেল, শিক্ষানুষ্ঠানসমূহলৈ গৈ বিদ্যার্থীক উক্ত প্রমাণ–পত্র দিয়াৰ বাবে চলি থকা বিশেষ অভিযান সম্পর্কেও আলোচনা কৰা হয়৷ সেইদৰে জনসাধাৰণৰ ভূমি ক্রয়–বিক্রয়ৰ অনুমতি যথাসম্ভৱ শীঘ্রে কেনেদৰে প্রদান কৰিব পৰা যায়, ৰাষ্ট্রীয় ঘাইপথ আদি নির্মাণৰ বাবে ভূমি অধিগ্রহণৰ কাম–কাজ খৰতকীয়া সম্পর্কত বিস্তৃতভাৱে আলোচনা কৰা হয়৷ মিছন ভূমিপুত্রৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মাজুলী জিলাত এই কাম এশ শতাংশ সম্পূর্ণ হৈছে৷ বাকী জিলাসমূহত ৭০–৮০ শতাংশ সম্পূর্ণ হৈছে৷ এতিয়ালৈ ২.৮০ লাখে জাতিগত প্রমাণ–পত্র বিচাৰি আবেদন কৰিছিল আৰু এতিয়ালৈ ২.২৫ লাখে জাতিগত প্রমাণ–পত্র লাভ কৰিবলৈ সক্ষম হৈছে৷ সেইদৰে মিছন বসুন্ধৰা ২.০ৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই আঁচনিৰ কাম–কাজ অহা ৬ নৱেম্বৰৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল৷ কিন্তু দেউৰী স্বায়ত্ত পৰিষদৰ নির্বাচনৰ বাবে আঁচনিখন আৰম্ভ কৰাৰ কাম এসপ্তাহৰ পৰা দহদিন পিছুওৱাব লগীয়া হ’ব৷ ইপিনে বৈঠকৰ দ্বিতীয়ার্ধত অকল আৰক্ষী অধীক্ষকসকলৰ সৈতে মুখ্যমন্ত্রী ড০ শর্মা মিলিত হ’ব বুলি জানিবলৈ দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে আৰক্ষী অধীক্ষকৰে সন্মিলনখন মাজনিশালৈ চলিব৷ ৰাজ্যৰ আইনশৃংখলাজনিত পৰিস্থিতিকে ধৰি বিভিন্ন অপৰাধ ৰোধৰ ওপৰত বিস্তৃতভাৱে উক্ত বৈঠকত পর্যালোচনা কৰা হ’ব৷ সন্মিলনত মন্ত্রী যোগেন মহন, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তকে ধৰি ৰাজ্য চৰকাৰৰ শীর্ষ বিষয়াবর্গ উপস্থিত থাকে৷

You might also like