নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱেম্বৰ–ডিচেম্বৰত প্রতি ইউনিটত ১৫ পইচাকৈ বৃদ্ধি পাব বিদ্যুতৰ মাচুল

বিশেষ বাৰ্তা, ২ নৱেম্বৰঃ অনিয়মিত বিদ্যুত যোগানত হাৰাহাস্তিৰ সন্মুখীন হোৱা ৰাইজক এইবাৰ মাচুল বৃদ্ধিয়ে শক্তি বিভাগে আন এক মাধমাৰ শোধোৱাৰ প্রচেষ্টা আৰম্ভ কৰিছে৷ যোৱা ছেপ্টেম্বৰ মাহত অস্বাভাৱিকভাৱে উপভোক্তাৰ বিদ্যুতৰ বিল বৃদ্ধি পোৱাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্র বিতর্কৰ৷ প্রায় ৩০–৪০ শতাংশকৈ বিদ্যুতৰ বিল বৃদ্ধি হোৱাত শক্তি বিভাগৰ বিৰুদ্ধে উত্থাপিত হৈছে একাধিক অভিযোগ৷ এনে অভিযোগৰ পিছতে কিছু নৰম হোৱা অসম শক্তি বিতৰণ কোম্পানী (এপিডিচিএল)য়ে বিদ্যুতৰ বিল পৰীক্ষা কৰাৰ প্রস্তাৱ দিছে৷ এনে প্রস্তাৱ কার্যকৰণ সম্পূর্ণ নোহোৱাৰ পূর্বেই এপিডিচিএলে এইবাৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত ১৫ পইচাকৈ প্রতি ইউনিটত বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে৷ ফুৱেল এণ্ড পাৱাৰ পার্চেছ প্রাইজ এডজাষ্টমেণ্ট (এফপিপিপিএ)ৰ ব্যৱস্থাৰ অধীনত বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ এপিডিচিএলৰ সূত্রই প্রকাশ কৰা অনুসৰি বিগত সময়ছোৱাত বিদ্যুৎ ক্রয় আৰু বিভিন্ন শক্তি প্রকল্প চলোৱাৰ ক্ষেত্রত বৃদ্ধি হোৱা ব্যয় জোৰা মাৰিবলৈ এই ব্যৱস্থাৰ অধীনত মাচুল বৃদ্ধি কৰা হ’ব৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি এফপিপিপিএৰ অধীনত প্রতি ইউনিটত ৩০ পইচা বৃদ্ধিৰ বাবে যোৱা আগষ্ট মাহতে সিদ্ধান্ত লোৱা হৈছিল৷ কিন্তু উপভোক্তাৰ যোৱা সময়ছোৱাত বিদ্যুতৰ বিল বৃদ্ধিক লৈ তোলা আপত্তি পৰিপ্রেক্ষিতত উক্ত মাচুল বৃদ্ধিৰ প্রস্তাৱ কার্যকৰী হোৱা নাছিল৷ শক্তি বিভাগে যিহেতু বাহিৰৰ উৎসৰ পৰা ক্রয় কৰা বিদ্যুতৰ মাচুল বৃদ্ধি হোৱা পৰিপ্রেক্ষিতত এপিডিচিএলেও এই জোৰা মাৰিবলৈ ১৫ পইচাকৈ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত মাচুল বৃদ্ধিৰ সিদ্ধান্ত লয়৷ মন কৰিবলগীয়া যে এপিডিচিএলে ২০২২–২৩ বিত্তীয় বর্ষৰ বাবে যোৱা বর্ষৰ ডিচেম্বৰ মাহতে মাচুল বৃদ্ধিৰ এক প্রস্তাৱ দাঙি ধৰিছিল৷ ২ টকাকৈ প্রতি ইউনিটত মাচুল বৃদ্ধিৰ বাবে দিয়া প্রস্তাৱক লৈ সৃষ্টি হোৱা বির্তকৰ পৰিপ্রেক্ষিতত এই মাচুলৰ পৰিমাণ ০.৫৯ টকালৈ হ্রাস কৰা হৈছিল৷ মুখ্যতঃ ৰাজহ ঘাটি পূৰাবলৈ বিগত বর্ষৰ ১৬ ডিচেম্বৰত দাখিল কৰা এই প্রস্তাৱ চলিত বর্ষৰ এপ্রিল মাহৰ পৰা কার্যকৰী কৰা হৈছে৷ এই বর্ষৰ এপ্রিল মাহত মাচুল বৃদ্ধিৰ পাছত পুনৰ এপিডিচিএলে ঘাটি জোৰা মাৰিবলৈ প্রতি ইউনিটত দুমাহলৈ ১৫ পইচাকৈ বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বাবে লোৱা সিদ্ধান্তই স্বাভাৱিকতে সৃষ্টি কৰিছে তীব্র প্রতিক্রিয়াৰ৷ গ্রাহকক নিয়মিতভাৱে বিদ্যুৎ যোগান ধৰিব নোৱাৰা শক্তি বিভাগে বিভিন্ন অজুহাতত এনেদৰে মাচুল বৃদ্ধিৰে কার্যতঃ মাধমাৰ শোধোৱা বুলিও চর্চা চলিছে৷

You might also like