নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰজা তৃতীয় চার্লছতকৈ ধনী ঋষি সুনক আৰু পত্নী অক্ষতা মূর্তি

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ: ৰজা তৃতীয় চার্লছে গ্রেট ব্রিটেইনৰ প্রধানমন্ত্রী হিচাপে আনুষ্ঠানিকভাৱে নিযুক্তি দিলে ভাৰতীয় মূলৰ ঋষি সুনকক৷ কালি  দেশখনৰ পৰম্পৰা অনুসৰি ৰজা তৃতীয় চার্লছে ঋষি সুনকক আনুষ্ঠানিকভাৱে নিযুক্তি দিয়ে৷ লগে লগে গ্রেট ব্রিটেইনৰ প্রথমগৰাকী ভাৰতীয় মূলৰ ঋষি সুনকে দেশখনৰ দায়িত্ব লাভ কৰে৷ গ্রেট ব্রিটেইনৰ ২০০ বছৰীয়া ইতিহাসত কনিষ্ঠতম প্রধানমন্ত্রী হিচাপে ৪২ বছৰীয়া ঋষি সুনকে ইতিহাস গঢ়াই নহয়, তেওঁ হৈছে গ্রেট ব্রিটেইনৰ প্রথমগৰাকী হিন্দু প্রধানমন্ত্রী৷

ব্রিটিছশাসিত ভাৰতৰ পঞ্জাব প্রদেশৰ পৰা ঋষি সুনকৰ পিতৃৰ ককাকে পূব আফ্রিকালৈ গৈ থিতাপি লোৱাৰ পাছত তাৰ পৰা সুনকৰ পিতৃয়ে ১৯৬০ চনত গ্রেট ব্রিটেইনলৈ যায়৷ ইংলেণ্ডৰ ছাউডাম্পটনত জন্মগ্রহণ কৰা ঋষি সুনকে অক্সফ’ৰ্ড আৰু ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা সমাপ্ত কৰি প্রথমে বিনিয়োগকাৰী বেংকত কর্মৰত হৈ কিছুবছৰ ধৰি এই কর্মত থাকি পাছলৈ সক্রিয় ৰাজনীতিত প্রৱেশ কৰে৷ ২০১৫ চনত য়র্কশ্বায়াৰৰ পৰা প্রথমবাৰৰ বাবে সাংসদ হিচাপে নির্বাচিত হৈ ব্রিটেইনৰ সদনত ভগৱত গীতাৰ শপতবাক্য আওৰাই ইতিহাস ৰচা ঋষি সুনকে পাছলৈ বৰিছ জনছনৰ চৰকাৰত বিত্তমন্ত্রী আৰু অৱশেষত দেশখনৰ প্রধানমন্ত্রী হিচাপে দায়িত্ব লাভ কৰে৷ ভাৰতীয় উদ্যোগপতি তথা ইনফ’ছিছৰ প্রতিষ্ঠাতা নাৰায়ণ মূর্তিৰ কন্যা অক্ষতা মূর্তিৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ঋষি সুনকৰ দুই সন্তানেৰে এক পৰিয়াল৷

গ্রেট ব্রিটেইনৰ জনতাৰ বাবে ঋষিয়ে অনেক কাম কৰিব বুলি তেওঁ বিশ্বাসী বুলিও কয়৷ বিলাসী জীৱন আৰু অগাধ সম্পত্তিৰ গৰাকী হিচাপে চর্চাৰ মাজত থকা ঋষি সুনক আৰু তেওঁৰ পত্নী অক্ষতা মূর্তিৰ সম্পত্তিক লৈ এতিয়া ব্যাপক চর্চা চলিছে৷ তথ্য মতে, ঋষি সুনক আৰু অক্ষতা মূর্তিৰ সম্পত্তিৰ পৰিমাণ ৭৩০ নিযুত ব্রিটিছ পাউণ্ড (৮০০ নিযুত মার্কিন ডলাৰ)৷ প্রধানমন্ত্রী আৰু তেওঁৰ সম্পত্তিৰ পৰিমাণ ৰজা তৃতীয় চার্লছৰ সম্পত্তিতকৈও অধিক৷ অর্থাৎ ৰজা তৃতীয় চার্লছতকৈও ধনী প্রধানমন্ত্রী সুনক আৰু পত্নী৷

তথ্য মতে, ৰজা তৃতীয় চার্লছ আৰু তেওঁৰ পত্নীৰ সম্পত্তিৰ পৰিমাণ ৩৫০ নিযুত ব্রিটিছ পাউণ্ড৷ অর্থাৎ ৰজাৰ সম্পত্তিৰ পৰিমাণতকৈ প্রধানমন্ত্রী সুনকৰ সম্পত্তিৰ পৰিমাণ প্রায় দুগুণ৷ অৱশ্যে ৰজাৰ ব্যক্তিগত সম্পত্তিৰ পৰিমাণহে তুলনা কৰা হৈছে৷ প্রধানমন্ত্রী সুনক আৰু পত্নী মূর্তিৰ গ্রেট ব্রিটেইনৰ অতি কমেও চাৰিটা বিশাল সম্পত্তি আছে৷ ইয়াৰ ভিতৰত লণ্ডনৰ কেনচিংটনত ৫ শোৱনী কোঠাৰে ৭ নিযুত ব্রিটিছ পাউণ্ডৰ এটা বিশাল অট্টালিকা৷ কেলিফ’র্নিয়াতো বিশাল অট্টালিকা আছে৷ দম্পতীৰ ৰিয়েল ইষ্টেটৰ সম্পত্তিৰ পৰিমাণ প্রায় ১৮.৩ নিযুত মার্কিন ডলাৰ৷ মন কৰিবলগীয়া যে ইয়াৰ উপৰি ব্রিটেইনৰ প্রধানমন্ত্রী সুনকৰ পত্নীৰ পিতৃ নাৰায়ণ মূর্তিৰ সম্পত্তিৰ অনেক অংশ আছে৷

You might also like