নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা আইপিএলঃ উদ্বোধনী মেচত কোহলি–ৰোহিত মুখামুখি

নিয়মীয়া বার্তা, ৮ এপ্রিলঃ মহামাৰী ক’ভিড–১৯ৰ দ্বিতীয়টো ঢৌৱে সমগ্র দেশত আতংকৰ সৃষ্টি কৰাৰ সময়তে শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব বিশ্বৰ সবাতোকৈ ঐশ্বর্যশালী ক্রিকেট লীগ আই পি এল৷

প্রায় দুমাহজুৰি চলিবলগীয়া প্রতিযোগিতাখনলৈ মহামাৰীয়ে বাৰম্বাৰ অনিশ্চয়তা কঢ়িয়াই আনিছে যদিও সফলতাৰে আই পি এল আয়োজন কৰিবলৈ সাজু হৈছে বি চি চি আই৷ বিশ্বৰ আটাইতকৈ ধনী ক্রিকেট সংস্থাটোৱে ঐশ্বর্যশালী টি–২০ লীগ নির্বিঘ্ণে আয়োজন কৰিবলৈ সকলো সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছে৷ বি চি চি আইৰ মুৰব্বী সৌৰভ গাংগুলীয়ে আজি আই পি এলৰ প্রস্তুতি সন্দর্ভত কয় যে বিগত বর্ষতো মহামাৰী ক’ৰোনা ভাইৰাছে আই পি এলত ব্যাঘাত জন্মাইছিল৷ কিন্তু বি চি চি আয়ে ডুবাইত প্রতিযোগিতাখন সফলতাৰে আয়োজন কৰিলে৷

এইবাৰো ব’র্ডে আই পি এল নির্বিঘ্ণে আয়োজন কৰিব পাৰিব বুলি আত্মবিশ্বাসী৷ উল্লেখ্য যে আই পি এলৰ প্রথম লেগৰ ১০খনকৈ মেচ অনুষ্ঠিত হ’বলগীয়া মুম্বাইত মহামাৰী ক’ৰোনা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰাত বি চি চি আই বিপদৰ সন্মুখীন হৈছে৷

আই পি এলৰ প্রাক্মুহূর্তত ক’ৰোনাৰ প্রকোপ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাত বি চি চি আই অস্বস্তিৰ সন্মুখীন হৈছে যদিও গাংগুলীৰ নেতৃত্বত নির্ধাৰিত সূচী অনুসৰি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত আটাইকেইখন মেচ আয়োজন কৰিবলৈ প্রস্তুতি চলাইছে৷ ঐতিহ্যমণ্ডিত ৱাংখেড়ে ষ্টেডিয়ামত ১০–২৫ এপ্রিলৰ ভিতৰত আই পি এলৰ ১০খনকৈ মেচ অনুষ্ঠিত হ’ব৷

ইফালে, শুকুৰবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত উদ্বোধনী মেচত মুখামুখি হ’ব ৰোহিত শর্মাৰ মুম্বাই ইণ্ডিয়ানছ আৰু বিৰাট কোহলিৰ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰু৷ দুয়োটা দলৰে শিবিৰত ক’ভিড–১৯ৰ আতংক বিৰাজ কৰিছে যদিও বি চি চি আইৰ স্বাস্থ্যবিধি অনুসৰণ কৰি প্রতিগৰাকী খেলুৱৈ আই পি এললৈ পূর্ণোদ্যমে সাজু হৈ উঠিছে৷

মন কৰিবলগীয়া যে যোৱাবাৰৰ দৰে এইবাৰো আই পি এল দর্শকশূন্য ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷

You might also like