কাইলৈ ৰাজ্যজুৰি ৪২সংখ্যক অভিৰুচি ক্রীড়া দিৱস
বিশেষ বাৰ্তা, ২ ছেপ্টেম্বৰ : অসমৰ প্রথমগৰাকী অর্জুন বঁটা বিজয়ী এথলীট ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস উপলক্ষে পালন কৰি অহা অভিৰুচি ক্রীড়া দিৱস এইবেলি ৪২সংখ্যক বর্ষত ভৰি দিছে৷ সেই উদ্দেশ্যে ৩ ছেপ্টেম্বৰত ৰাজ্যজুৰি অভিৰুচি ক্রীড়া দিৱস উদযাপনৰ ব্যাপক প্রস্তুতি চলোৱা হৈছে৷ গুৱাহাটীত কেন্দ্রীয়ভাৱে এই দিৱস উদযাপন কৰাৰ লগতে ৰাজ্যৰ শতাধিক স্থানত অনুষ্ঠিত হ’ব৷
এই উপলক্ষে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া সামূহিক দৌৰৰ ফ্লেগ অফ কৰিব অসমীয়া ছবি জগতৰ জনপ্রিয় অভিনেত্রী বৰষাৰাণী বিষয়াই৷ অনুষ্ঠানত অসমৰ ক্রীড়া ক্ষেত্রৰ বটবৃক্ষস্বৰূপ ভোগেশ্বৰ বৰুৱাসহিতে অর্জুন দম্পতী কমলেশ মেহতা, মনালিছা বৰুৱা মেহতা, প্রাক্তন আন্তর্জাতিক এথলীট তৈবুন নেছাসহিতে গণ্যমান্য লোক উপস্থিত থাকিব৷
কার্যসূচী অনুসৰি সামূহিক দৌৰ কার্যসূচী পুৱা ৬.১৫ বজাত সৰুসজাই ক্রীড়া প্রকল্পত আৰম্ভ হৈ ভেটাপাৰা হকী ষ্টেডিয়াম পৰিভ্রমণ কৰি পুনৰ ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত সৰুসজাই মূল এথলেটিক ষ্টেডিয়ামতে সামৰণি পৰিব৷ অসম অলিম্পিক সন্থাৰ প্রেক্ষাগৃহত অনুষ্ঠিত সংবাদ মেলত এই কথা সদৰী কৰিছে আয়োজক সমিতিৰ অধ্যক্ষ বলেন্দ্র মোহন চক্রৱর্তীয়ে৷
সামূহিক দৌৰৰ পিছতে তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত ছাত্র–ছাত্রীসকলৰ মাজত নৃত্য প্রতিযোগিতা, নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈকে সদৌ অসম ভিত্তিত ক্রীড়া কুইজ প্রতিযোগিতা অনুষ্ঠিত হোৱাৰ বিপৰীতে বিয়লি ৪.৩০ বজাত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব সম্বর্ধনা অনুষ্ঠান৷ সম্বর্ধনা অনুষ্ঠানত খেলৰত্ন লাভলীনা বৰগোহাঁই, এথলীট অম্লান বৰগোহাঁই, বেডমিণ্টন খেলুৱৈ প্রজ্ঞান চৌধুৰী, ফুটবলাৰ পার্থিৱ সুন্দৰ গগৈ, ক্রিকেটাৰ ৰিয়ান পৰাগ আৰু উমা চেত্রীকে ধৰি মুঠ ৩৮গৰাকী খেলুৱৈক সম্বর্ধনা জনোৱা হ’ব৷