২৭ বছৰৰ মূৰত ইংলেণ্ড-ত এদিনীয়া শৃংখলা জয় দঃ আফ্রিকাৰ, বিশ্বাভিলেখ ব্রিটজকেৰ
সুদীর্ঘ ২৭ বছৰৰ মূৰত ইংলেণ্ড-ৰ মাটিত দ্বিপাক্ষিক এদিনীয়া শৃংখলা দখল কৰিলে দক্ষিণ আফ্রিকাই৷ ইংৰাজ বাহিনীৰে খেলি থকা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ লর্ডছত অনুষ্ঠিত দ্বিতীয়খন মেচতো দক্ষিণ অফ্রিকাই ঘৰুৱা দলটোক পাঁচ ৰানত পৰাস্ত কৰে৷ প্রথম দুয়োখন মেচত জয়লাভ কৰি প্রটিয়াজ বাহিনীয়ে ২–০ৰ অগ্রগতিৰে শৃংখলাটো দখল কৰে৷
মন কৰিবলগীয়া যে ১৯৯৮ চনত দক্ষিণ আফ্রিকাই ইংলেণ্ডৰ মাটিত অন্তিমবাৰৰ বাবে এদিনীয়া শৃংখলা জয় কৰিছিল৷ মেচখনত প্রটিয়াজ বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ৩৩১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি জ’ ৰুটৰ ৬১, জ’ছ বাটলাৰৰ ৬১, জেকব বেথেলৰ ৫৮ আৰু উইল জেকছৰ ৩৯ ৰানৰ সহায়ত ইংলেণ্ডে নির্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ৩২৫ ৰানহে কৰিবলৈ সক্ষম হয়৷
ইয়াৰ পূর্বে প্রথমে বেটিং কৰি মেথিউ ব্রিটজকেৰ দর্শনীয় ৮৫, ত্রিষ্টান ষ্টাবছৰ ৫৮, এইডেন মার্কৰামৰ ৪৯, দেৱাল্ড ব্রেভিছৰ ৪২, ৰিয়ান ৰিকেলটনৰ ৩৫ আৰু কর্বিন ব’চৰ অপৰাজিত ৩২ ৰানৰ সহায়ত নির্ধাৰিত ৫০ অভাৰত ৮টা উইকেট হেৰুৱাই ৩৩০ ৰান সংগ্রহ কৰে৷
মন কৰিবলগীয়া যে মেচখনত অর্ধশতকীয় ইনিংছ খেলি দক্ষিণ আফ্রিকাৰ মেথিউ ব্রিটজকেই এদিনীয়া ক্রিকেটত বিশ্ব অভিলেখ গঢ়ে৷ তাৰকা বেটাৰগৰাকীয়ে প্রথম পাঁচখন এদিনীয়া মেচত ৫০ বা ততোধিক ৰানৰ ইনিংছ খেলি অভিলেখটো গঢ়ে৷
৫০ অভাৰৰ ক্রিকেটৰ ইতিহাসত আন কোনো খেলুৱৈয়ে এনে কৃতিত্ব অর্জন কৰিব পৰা নাই৷ পাঁচখন মেচত তেওঁৰ ৰান হ’ল ক্রমে ১৫০, ৮৩, ৫৭, ৮৮ আৰু ৮৫ ৰান৷ মন কৰিবলগীয়া যে তেওঁ এদিনীয়া ক্রিকেটত প্রথম মেচত ১৫০ ৰান সংগ্রহ কৰা বিশ্বৰ প্রথমজন ক্রিকেটাৰ হিচাপে পৰিগণিত হয়৷
Niyomiya Barta Desk, 6 September