এছিয়া কাপ ক্ৰিকেট আৰম্ভ : পিছে ক’ত কেনেকৈ চাব পাৰিব লাইভ খেল
আজিৰ পৰা এছিয়া কাপ ২০২৫ আৰম্ভ হৈছে, যাৰ প্ৰথম মেচ আফগানিস্তান আৰু হংকঙৰ মাজত অনুষ্ঠিত হ’ব। আনহাতে, ভাৰতীয় দলে তেওঁলোকৰ প্ৰথম মেচ কাইলৈ ইউএইৰ বিৰুদ্ধে খেলিব। এফালে ভাৰতীয় দল তেওঁলোকৰ নৱম এছিয়া কাপ খিতাপৰ দিশত আগবাঢ়িবলৈ চেষ্টা কৰিব, আনফালে ওমান এনে এটা দল যিয়ে প্ৰথমবাৰৰ বাবে এছিয়া কাপত অংশগ্ৰহণ কৰিব। আঠটা দলৰ মাজত অসাধাৰণ ৰোমাঞ্চৰ সাক্ষী হ’ব, কিন্তু মবাইল ব্যৱহাৰকাৰীসকলে এছিয়া কাপৰ মেচৰ লাইভ ষ্ট্ৰীমিং (Asia Cup 2025 Live Streaming) কেনেকৈ উপভোগ কৰিব পাৰে?
এছিয়া কাপ ২০২৫ৰ মেচৰ লাইভ ষ্ট্ৰীমিং ‘Sony Liv’ এপত উপলব্ধ হ’ব। এণ্ড্ৰইড ফোন ব্যৱহাৰকাৰীসকলে ফোনত ‘Sony Liv’ এপ ডাউনলোড কৰি লাইভ ষ্ট্ৰীমিং উপভোগ কৰিব পাৰিব।
মবাইল ব্যৱহাৰকাৰীসকলে এছিয়া কাপৰ মেচ বিনামূলীয়াকৈ চাব নোৱাৰিব। ইয়াৰ বাবে আপুনি ‘Sony Liv’ এপৰ ছাবস্ক্ৰিপশ্বন প্লেন ক্ৰয় কৰিব লাগিব। এপত গৈ আপুনি নিজৰ পছন্দ অনুসৰি ছাবস্ক্ৰিপশ্বন প্লেন ক্ৰয় কৰিব পাৰিব, যাৰ বাবে আপুনি ন্যূনতম ৩৯৯ টকা খৰচ কৰিব লাগিব।
এছিয়া কাপ ২০২৫ৰ প্ৰথম মেচ আফগানিস্তান আৰু হংকঙৰ মাজত আবুধাবিৰ শ্বেখ জায়েদ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এই মেচ ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব।
১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ওমান বনাম ইউএই মেচৰ বাহিৰে এছিয়া কাপ ২০২৫ৰ সকলো মেচ ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব। ১৫ ছেপ্টেম্বৰত ওমান বনাম ইউএই মেচ ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৫:৩০ বজাৰ পৰা আৰম্ভ হ’ব। যিসকলে টিভিত লাইভ মেচ চাব বিচাৰে, তেওঁলোকে Sony Sports Networkত লাইভ টেলিকাষ্ট চাব পাৰিব
Niyomiya Barta Desk, 9 September