নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শক্তিশালী প্রত্যাৱর্তন কৰিব দিল্লীয়েঃ আয়াৰ

নিয়মীয়া বাৰ্তা ৭ নৱেম্বৰঃ সংযুক্ত আৰব আমিৰ শ্বাহীত চলি থকা আই পি এলৰ কোৱালিফায়াৰ–১ত মুম্বাই ইণ্ডিয়ানছৰ হাতত যোৱানিশা শোচনীয়ভাৱে পৰাস্ত হ’লেও আত্মবিশ্বাস হেৰুওৱা নাই দিল্লী কেপিটেলছে৷ দেওবাৰে হ’বলগীয়া কোৱালিফায়াৰ–২ত দিল্লীয়ে শক্তিশালী প্রত্যাৱর্তন কৰিব বুলি মন্তব্য কৰিছে দলটোৰ অধিনায়ক শ্রেয়াছ আয়াৰে৷ যোৱানিশাৰ মেচখনৰ অন্তত দিল্লী কেপিটেলছৰ অধিনায়ক শ্রেয়াছ আয়াৰে কয় যে দলটোৰ এই হতাশাজনক প্রদর্শনত তেওঁ অতি নিৰাশ হৈছে৷ মেচখনত পৰাস্ত হ’লেও সতীর্থসকলক মই দোষাৰোপ কৰিব বিচৰা নাই৷ আগন্তুক মেচখনৰ বাবে মানসিকভাৱে শক্তিশালী হৈ উঠাটো অতি প্রয়োজন৷ মেচখনত মুম্বাই দলটোৰ সূর্য কুমাৰ যাদৱ, ঈশান কিশন আৰু হার্দিক পাণ্ডিয়াৰ ইনিংছটোক প্রশংসা কৰে শ্রেয়াছ আয়াৰে৷ মুম্বায়ে ১৪ অভাৰলৈকে ১১০ ৰান কৰিবলৈ সক্ষম হৈছিল যদিও সূর্য কুমাৰ, ঈশান আৰু হার্দিকে বিস্ফোৰক বেটিঙেৰে দলটোক শক্তিশালী স্থিতিত উপনীত কৰাইছিল৷ দেওবাৰে হ’বলগীয়া কোৱালিফায়াৰ–২ মেচখনত সতীর্থসকলে উন্নত প্রদর্শন দাঙি ধৰিব পাৰিব বুলি আশা ব্যক্ত কৰে আয়াৰে৷

You might also like