নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰাট কোহলিৰে বাক্যযুদ্ধত লিপ্ত নহ’ব

নিয়মীয়া বাৰ্তা ৭ নৱেম্বৰঃ টীম ইণ্ডিয়াৰ বহু প্রতীক্ষিত অষ্ট্রেলিয়া ভ্রমণটোক লৈ ইতিমধ্যে আৰম্ভ হৈছে জল্পনা–কল্পনাৰ৷ ২৭ নৱেম্বৰৰ পৰা দুয়ো দেশৰ মাজত আৰম্ভ হ’বলগীয়া শৃংখলাৰ পূর্বে ঘৰুৱা দল অষ্ট্রেলিয়াৰ খেলুৱৈসকলক সকীয়নি দিলে দেশখনৰে প্রাক্তন অধিনায়ক ষ্টিভ ৱ’ই৷ অষ্ট্রেলিয়া ভ্রমণকালত ভাৰতীয় দলটোৱে এদিনীয়া, টি–২০ আৰু টেষ্ট শৃংখলাত ভাগ ল’ব৷ ১৭ ডিচেম্বৰৰ পৰা টীম ইণ্ডিয়া আৰু অষ্ট্রেলিয়াৰ মাজত হ’বলগীয়া ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী টেষ্ট শৃংখলাটোত ভাৰতীয় দলটোৰ অধিনায়ক বিৰাট কোহলিৰে বাক্যুদ্ধত লিপ্ত নহ’বলৈ অষ্ট্রেলিয়ান খেলুৱৈক সকীয়াই দিলে ষ্টিভ ৱ’ই৷ ই এছ পি এন ক্রিক ইনফ’ত আপলোড কৰা এক ভিডি’ত ষ্টিভ ৱ’ই কয় যে যদি কোহলিৰে অষ্ট্রেলিয়ান খেলুৱৈয়ে বাক্যুদ্ধত লিপ্ত হয়, তেতিয়াহ’লে কোহলিৰ লগতে সতীর্থসকলে উন্নত প্রদর্শন দাঙি ধৰাৰ বাবে অতিৰিক্ত প্রেৰণা লাভ কৰিব৷ বাক্যদন্দই কোহলিৰ প্রদর্শনত কোনোধৰণৰ প্রভাৱ নেপেলায়৷ মহান খেলুৱৈৰ ওপৰত ইয়াৰ কোনো প্রভাৱ নপৰে, বৰঞ্চ ৰান সংগ্রহ কৰাত অতিৰিক্ত প্রেৰণাহে লাভ কৰিব৷ গতিকে অষ্ট্রেলিয়ান খেলুৱৈসকলে ব্য়াক্যযুদ্ধৰ পৰা বিৰত থকাটোৱে লাভদায়ক হ’ব বুলি ষ্টিভ ৱ’ই উল্লেখ কৰে৷ উল্লেখ্য যে চাৰিখনীয়া টেষ্ট শৃংখলাটোৰ প্রথমখন টেষ্ট ১৭ ডিচেম্বৰত এডিলেইড অ’ভেলত দিবা–নৈশভাৱে অনুষ্ঠিত হ’ব৷ ইপিনে, দ্বিতীয়খন টেষ্ট ২৬ ডিচেম্বৰৰ পৰা, তৃতীয়খন টেষ্ট ছিডনীত ৭ জানুৱাৰীৰ পৰা আৰু চতুর্থ তথা অন্তিমখন টেষ্ট ১৫ জানুৱাৰীৰৰ পৰা ব্রিছবেনত আৰম্ভ হ’ব৷

You might also like