নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰচিবিৰ বিদায়ঃ অধিনায়কৰ ৰূপত খিতাপ জয়ৰ সপোন আধৰুৱা কোহলিৰ

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ আই পি এলত খিতাপ জয়ৰ সপোন পুনৰ এবাৰ আধৰুৱা হৈ ৰ’ল ৰয়েল চেলেঞ্জার্ছ বাংগালুৰু আৰু অধিনায়ক বিৰাট কোহলিৰ৷ সোমবাৰে অনুষ্ঠিত এলিমিনেটৰত কোহলি বাহিনীয়ে তীব্র যুঁজ দিও কলকাতা নাইটৰাইডার্ছৰ হাতত ৪ উইকেটত পৰাজয় স্বীকাৰ কৰে৷ ১৩৯ ৰানৰ লক্ষ্যৰ পিছ লৈ কলকাতাই দুটা বল বাকী থকা অৱস্থাত ৬ উইকেটৰ বিনিময়ত ৰোমাঞ্চকৰ জয়ৰ সোৱাদ লাভ কৰে৷ দলটোৰ হৈ অ’পেনাৰ শুভমন গিলে ২৯, ভেংকটেশ আয়াৰ আৰু সুনীল নাৰিনে ২৬ ৰানৰ অৰিহণা আগবঢ়ায়৷

আৰ চি বিৰ হৈ মহম্মদ ছিৰাজ, হর্ষল পেটেল আৰু য়ুজৱেন্দ্র চাহালে দুটাকৈ উইকেট দখল কৰে৷ ইয়াৰ পূর্বে টছত জিকি প্রথমে ইনিংছ মুকলি কৰি ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে নির্ধাৰিত ২০ অ’ভাৰত ৭ উইকেটৰ বিনিময়ত ১৩৮ ৰান সংগ্রহ কৰে৷ দলটোৰ হৈ অধিনায়ক বিৰাট কোহলিয়ে সর্বাধিক ৩৯ আৰু উদীয়মান অ’পেনাৰ দেৱদত্ত পাড়িকালে ২১ ৰানৰ অৰিহণা আগবঢ়ায়৷

তেওঁলোকে প্রথম উইকেটত ৪৯ ৰান যোগ দি আৰ চি বিক সুন্দৰ আৰম্ভণি প্রদান কৰে যদিও মিডল অর্ডাৰৰ শোচনীয় ব্যর্থতাই দলটোক বিপদত পেলায়৷ গ্লেন মেক্সৱেলে ১৫, শ্রীকৰ ভৰতে ৯, এবি ডি ভিলিয়ার্ছে ১১, শ্বাহবাজ আহমেদে ১৩, ডেন ক্রিষ্টিয়ানে ৯ ৰানত আউট হয়৷ কোহলিয়ে ৩৩ বলত ৫টা বাউণ্ডেৰীৰ সহায়ত ইনিংছটো সজায়৷ কলকাতা নাইটৰাইডার্ছৰ হৈ তাৰকা স্পিনাৰ সুনীল নাৰিনে মাত্র ২১ ৰান ব্যয় কৰি চাৰিটা উইকেট দখল কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে আৰ চি বিয়ে এতিয়ালৈকে ৬ বাৰ আই পি এলৰ প্লেফ খেলিছে যদিও এবাৰো খিতাপ জয় কৰিব পৰা নাই৷ অধিনায়কৰ ৰূপত কোহলিৰ বাবে এয়া আছিল অন্তিমখন আই পি এল৷

You might also like