নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউ এছ অ’পেনঃ খিতাপ যুঁজত লেইলাৰ সন্মুখত ৰাডুকানু

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ ইউ এছ অ’পেনত অব্যাহত আছে দুই তৰুণীৰ দপ্দপনি৷ সন্মানীয় গ্রেণ্ডশ্লামখনত ইটোৰ পিছত সিটো অঘটন ঘটাই খিতাপ যুঁজৰ বাবে সাজু হৈছে কানাডাৰ ১৯ বছৰীয়া লেইলা ফার্নাণ্ডেজ আৰু ব্রিটেইনৰ ১৮ বছৰীয়া এম্মা ৰাডুকানু৷ স্বপ্ণৰ দৌৰ অব্যাহত ৰাখি কানাডাৰ প্রতিভাৱান খেলুৱৈ লেইলাই চলিত ইউ এছ অ’পেনৰ মহিলা শাখাৰ ছিংগলছৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ ১২ ছেপ্টেম্বৰৰ মাজনিশা ১.৫০ বজাত হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত লেইলাই ৰাডুকানুৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷

ছেমি ফাইনেলত লেইলাই দ্বিতীয় বাছনিপ্রাপ্ত বেলাৰুছৰ ছাবালেংকাক কঠিন যুঁজৰ অন্তত ৭–৬ (৭–৩), ৪–৬, ৬–৪ ছেটত পৰাস্ত কৰি প্রথমবাৰৰ বাবে গ্রেণ্ডশ্লামৰ ফাইনেলত প্রৱেশ কৰে৷ মেচখনৰ প্রথমটো ছেট দখল কৰি লেইলাই অগ্রগতি লাভ কৰিছিল যদিও দ্বিতীয়টো ছেট ছাবালেংকাই দখল কৰাত মেচখন আকর্ষণীয় হৈ পৰে৷

অৱশ্যে তৃতীয় তথা নির্ণায়ক ছেটটো লেইলাই নিজৰ দখলতে ৰাখি শেষ হাঁহি মাৰিবলৈ সক্ষম হয়৷ ইফালে আনখন ছেমিত ৰাডুকানুৱে সপ্তদশ বাছনিৰ গ্রীচৰ মাৰিয়া ছাকাৰিক এঘণ্টা ২৪ মিনিটত ৬–১, ৬–৪ ছেটত পৰাস্ত কৰে৷

You might also like