নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্রাসবাদৰ দুটা গোচৰঃ জম্মু–কাশ্মীৰৰ ১৪টা স্থানত তালাচী নিয়াৰ

নিয়মীয়া বাৰ্তা, ১ আগষ্ট: লস্কৰ–ই–মুস্তাফাৰ মুৰব্বী হূদয়াতুল্লা মালিক আৰু জম্মুত ৭ কেজি আই ই ডি উদ্ধাৰৰ সৈতে জড়িত সন্ত্রাসবাদৰ দুটাকৈ গোচৰত জম্মু–কাশ্মীৰৰ ১৪টা স্থানত আজি তালাচী চলায় ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই৷ নিয়াৰ সূত্রত প্রকাশ কৰা মতে জম্মু–কাশ্মীৰৰ পুলৱামা, ছপিয়ান, শ্রীনগৰ, অনন্তনাগ, জম্মু আৰু বনিহালকে ধৰি ১৪ স্থানত নিয়াৰ দলে তালাচী অভিযান চলায়৷ এই সময়ত নিয়াৰ দলে উল্লিখিত স্থানসমূহৰ পৰা আপত্তিজনক নথি–পত্র সংগ্রহ কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে জম্মুৰ বাছষ্টেণ্ডত যোৱা ফেব্রুৱাৰী মাহত ৭ কিলোগ্রাম আই ই ডি উদ্ধাৰৰ পাছত এই বিস্ফোৰকৰ সৈতে জড়িত লস্কৰ–ই–মুস্তাফাৰ মুৰব্বী হূদয়াতুল্লা মালিকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ এই দুয়োটা গোচৰৰ তদন্ত চলাই থকা নিয়াই আজি জম্মু–কাশ্মীৰৰ ১৪ স্থানত তালাচী চলায়৷ গুৰুত্বপূর্ণ যে হূদয়াতুল্লা মালিকে নতুন দিল্লীত এনএছএ অজিত দোভালৰ কার্যালয়কে ধৰি বিভিন্ন স্থানৰ ভিডিঅ’গ্রাফী কৰি আক্রমণৰ পৰিকল্পনা চলাইছিল৷

আৰক্ষীয়ে মালিকক গ্রেপ্তাৰ কৰাৰ পাছতেই এই পৰিকল্পনা পোহৰলৈ আহে আৰু গোচৰটোৰ তদন্তৰ ভাৰ মার্চ মাহত নিয়াৰ হাতত অর্পণ কৰা হয়৷ নিয়াই গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াই নি জম্মু–কাশ্মীৰত তালাচী অভিযান আৰম্ভ কৰিছে৷

You might also like