লোভনীয় ৩০০ কোটিৰ অফাৰ নাকচ কিং কোহলিৰ!
দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে সদ্যসমাপ্ত তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোত দুটা শতক আৰু এটা অর্ধশতক অর্জন কৰি মেন অৱ দ্য ছিৰিজৰ বঁটা লাভ কৰা কোহলিয়ে দেওবাৰে লণ্ডনলৈ ৰাওনা হয়
সম্প্রতি এদিনীয়া ক্রিকেটত দুর্দান্ত ফর্মত থকা টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিয়ে এইবাৰ খেলপথাৰৰ বাহিৰত নতুন ইনিংছ আৰম্ভ কৰিছে৷ তেওঁ স্প’ৰ্টছৱেৰ ষ্টার্টআপ এজিলিটাছ স্প’ৰ্টছৰ সৈতে চুক্তিবদ্ধ হৈছে৷
এজিলিটাছ স্প’ৰ্টছৰ সৈতে চুক্তিবদ্ধ হোৱাৰ বাবে কোহলিয়ে বিশ্ববিখ্যাত কোম্পানী পুমাই দিয়া ৩০০ কোটি টকাৰ প্রস্তাৱকো নাকচ কৰিছে৷ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে সদ্যসমাপ্ত তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোত দুটা শতক আৰু এটা অর্ধশতক অর্জন কৰি মেন অৱ দ্য ছিৰিজৰ বঁটা লাভ কৰা কোহলিয়ে দেওবাৰে লণ্ডনলৈ ৰাওনা হয়৷
লণ্ডনত উপস্থিত হোৱাৰ পিছতে ছ’চিয়েল মিডিয়াত ঘোষণা কৰিলে স্প’ৰ্টছৱেৰ ষ্টার্টআপ এজিলিটাছ স্প’ৰ্টছৰ সৈতে চুক্তিবদ্ধ হোৱাৰ কথা৷ কিং কোহলি কোম্পানীটোৰ ব্রেণ্ড এম্বেছাদৰেই নহয়, এই নতুন ষ্টার্টআপত বিনিয়োগকাৰীও হ’ব৷ লগতে তেওঁৰ ১.৯৪ শতাংশ অংশীদাৰিত্ব থাকিব৷
কেৱল সেয়াই নহয়, এজিলিটাছ স্প’ৰ্টছৰ বাণিজ্যিক কৌশলৰ জৰিয়তে বিৰাটৰ নিজা কাপোৰৰ ব্রেণ্ড ৱান ৮ৰ সামগ্রীও বিক্রী কৰা হ’ব৷ মন কৰিবলগীয়া যে কোহলিয়ে চলিত বর্ষৰ আৰম্ভণিতে পুমাৰ সৈতে থকা ৮ বছৰীয়া চুক্তি ভংগ কৰিছিল৷
এই চুক্তি ২০১৭ চনত ১১০ কোটি টকাত স্বাক্ষৰিত হৈছিল৷ জানিব পৰা মতে পুমাই বিৰাট কোহলিক নৱীকৰণৰ বাবে ৩০০ কোটি টকা আগবঢ়াইছিল৷ কিন্তু সেই প্রস্তাৱ নাকচ কৰিলে কোহলিয়ে৷
মন কৰিবলগীয়া যে ভাৰত আৰু দক্ষিণ পূব এছিয়াৰ পুমাৰ প্রাক্তন পৰিচালন সঞ্চালক অভিষেক গাংগুলীয়ে আৰম্ভ কৰিছে এজিলিটাছ স্প’ৰ্টছ ষ্টার্টআপ৷ কোহলিয়ে এজিলিটাছ স্প’ৰ্টছত প্রায় ৪০ কোটি টকা বিনিয়োগ কৰিছে৷
ডিজিটেল ডেস্ক, ৯ ডিচেম্বৰ
লগতে এইটোও পঢ়ক —– খানাপাৰাত মেলন উন্মাদনা, জুবিন গার্গক কিংবদন্তি আখ্যা মেলনৰ