নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰৰ নির্বাচনী বার্তা

জংগলৰাজৰ পৰা মুক্ত কৰা বুদ্ধভূমি বিহাৰবাসীয়ে অভূতপূর্ব জনাদেশেৰে আকৌ ক্ষমতাত অধিষ্ঠিত কৰালে বিজেপি আৰু জেডিইউ নেতৃত্বাধীন এনডিএ চৰকাৰক৷ বিহাৰ বিধানসভাৰ ২৪৩খন আসনৰ ২০২খন আসনত বিজয় সাব্যস্ত কৰে এনডিএৰ অংশীদাৰ দলসমূহে৷ ৮৯খন আসনত জয়লাভ কৰি বিজেপিয়ে প্রথমবাৰৰ বাবে বিহাৰ বিধানসভা নির্বাচনত সর্বাধিক লাভ কৰা দলৰ মর্যাদা লাভ কৰিবলৈ সক্ষম হৈছে৷ একেদৰে এনডিএৰ অংশীদাৰ জেডিইউ-এ ৮৫খন আসন লাভ কৰি একেৰাহে গণভিত্তি সুৰক্ষিত ৰখাৰ প্রমাণ দাঙি ধৰিছে৷ এনডিএৰ অংশীদাৰ লোক জনশক্তি পার্টী (ৰামবিলাস) দলটোৱেও ১৯খন আসনত বিজয় সাব্যস্ত কৰি বিহাৰৰ ৰাজনীতিত গণভিত্তি প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ বিহাৰ বিধানসভা নির্বাচনত শোচনীয়ভাৱে পৰাজিত হৈছে আৰজেডি আৰু কংগ্রেছ নেতৃত্বাধীন মহাজোঁট৷ মহাজোঁটে ২০২০ৰ বিধানসভা নির্বাচনত ১১৪খন আসন লাভ কৰিছিল যদিও এইবাৰ মাথোঁ ৩৫খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছে৷ কেইবাটাও কার্যকাল বিহাৰৰ শাসনত থকা আৰজেডি দলে মাথোঁ ২৫খন আসন লাভ কৰাৰ লেখীয়া কংগ্রেছেও মাত্র ৬খন আসনতে জয়ী হ’বলৈ সক্ষম হৈছে৷ আৰজেডি আৰু কংগ্রেছ মহাজোঁটক এলাগী কৰি এনডিএৰ বৃহৎ সফলতাই দেশৰ সাম্প্রতিক ৰাজনীতিত কেইবাটাও গুৰুত্বপূর্ণ বার্তা বহন কৰিছে৷ বিগত দুটা দশক ধৰি বিহাৰৰ মুখ্যমন্ত্রীৰ আসনত আছে জেডিইউৰ মুৰব্বী নীতিশ কুমাৰ৷ বিহাৰৰ ক্ষমতাৰ গুৰিব’ঠা লালুপ্রসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালে লৈ থকাৰ সময়ত গৌতম বুদ্ধৰ ভূমিক এক জংঘলৰাজত পৰিণত কৰা হৈছিল৷ সীমাহীন দুর্নীতি আৰু মাফিয়াৰাজৰ বাবে মগধভূমিত এক অৰাজক পৰিস্থিতিৰ উদ্ভৱ হৈছিল৷ ইয়াৰ লগে লগে ৰাজ্যখনৰ বিকাশৰ গতি স্তব্ধ হৈ পৰিছিল৷ কর্মসংস্থাপনৰ অভাৱত বিহাৰৰ যুৱকসকলে দেশৰ অন্যান্য ৰাজ্যলৈ ঢাপলি মেলিব লগা হোৱাটো নতুন কথা নহয়৷ কিন্তু লালুপ্রসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালটোৱে ক্ষমতাত থকাৰ সময়ত ৰাজ্যখনত অনগ্রসৰতা আৰু কর্মসংস্থাপনহীনতা সৃষ্টি কৰা পৰিস্থিতি দেশৰ কোনো ৰাজ্যৰ স’তে তুলনা কৰিব নোৱাৰি৷ নীতিশ কুমাৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈয়ে বিহাৰক জংঘলৰাজমুক্ত কৰিবলৈ এলানি বিশেষ পদক্ষেপ গ্রহণ কৰিছিল৷ বিশেষকৈ বিহাৰত চলি থকা সীমাহীন দুর্নীতি আৰু মাফিয়াৰাজ বন্ধ কৰিবলৈ কঠোৰ নীতি গ্রহণ কৰিছিল৷ বিহাৰক এখন সুৰামুক্ত ৰাজ্য ঘোষণা কৰাটোও আছিল নীতিশ কুমাৰ চৰকাৰৰ বলিষ্ঠ নীতিৰ এক অংশ৷ শেহতীয়া বিধানসভা নির্বাচনৰ প্রচাৰ অভিযানৰ সময়ত জন সুৰজ শক্তি দলৰ মুৰব্বী প্রশান্ত কিশোৰকে ধৰি একাংশ বিৰোধী ৰাজনৈতিক দলে এই কথাও ঘোষণা কৰিছিল যে ক্ষমতালৈ আহিলে শীঘ্রে সুৰাৰ বিপণীসমূহ খুলি দিয়া হ’ব৷ কিন্তু সুৰাৰ প্রলোভনে বিৰোধী দলকেইটাক সহায় নকৰিলে৷ আনকি দীর্ঘকাল জাত–পাতৰ ৰাজনীতিত নিমজ্জিত বিহাৰবাসীয়ে এইবাৰ শান্তি আৰু বিকাশৰ পক্ষতে জনাদেশ প্রদান কৰিলে৷
বিহাৰ বিধানসভাৰ নির্বাচনী ফলাফলে দেশৰ আগন্তুক ৰাজনীতিত বিশেষ প্রভাৱ পেলোৱাৰ সম্ভাৱনা আছে৷ আৰু চাৰি মাহ পিছতে অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰী বিধানসভাৰ নির্বাচন অনুষ্ঠিত হ’ব৷ ইতিমধ্যে পাঁচোখন ৰাজ্যৰ নির্বাচনী ৰাজনৈতিক বতাহ বলিবলৈ আৰম্ভ কৰিছে৷ সুশাসন প্রতিষ্ঠাৰে সর্বসাধাৰণ ৰাইজৰ কল্যাণকামী চৰকাৰ এখনক ক্ষমতাচ্যুত কৰাটো যে সহজ নহয়, সেয়া বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে প্রমাণ কৰিলে৷ মুখ্যমন্ত্রিত্বৰ কার্যকালত দল বাগৰাৰ অপবাদ থাকিলেও নীতিশ কুমাৰে দুর্নীতি আৰু মাফিয়াৰাজৰ স’তে কেতিয়াও আপোচ কৰা নাই৷ দীঘলীয়া কাল মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈ থকাৰ সময়ত তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা নাই দুর্নীতি–অনিয়মৰ কোনো অভিযোগ৷ আনকি তেওঁৰ ঘোৰ বিৰোধী ৰাজনৈতিক দলেও এনে অভিযোগ কৰাৰ সুযোগ পোৱা নাই৷ নীতিশ কুমাৰ নেতৃত্বাধীন দলটোৰ স’তে মিত্রতাৰ সূত্রে বিজেপিয়ে বিহাৰৰ সর্ববৃহৎ দলৰূপে প্রতিষ্ঠা কৰাত সফল হৈছে৷ একেদৰে বিহাৰৰ চিৰাগ পাছোৱান নেতৃত্বাধীন লোক জনশক্তি পার্টীৰ স’তে মিত্রতাই বিজেপিক অধিক শক্তিৱন্ত কৰি তুলিছে৷ তৃণমূল পর্যায়ত চৰকাৰী আঁচনিৰ সফল ৰূপায়ণে একোটা দলক দীর্ঘকাল শক্তিশালী কৰি তোলে৷ সর্বশ্রেণীৰ ৰাইজৰ সহযোগ অবিহনে কোনো ৰাজনৈতিক দলে ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণ কৰিব নোৱাৰে৷ বিহাৰ বিধানসভা নির্বাচনত এনডিএৰ বিৰল সাফল্যৰ পিছত অসমৰ কেইবাখনো আঁচনিৰ বিষয়ে ব্যাপক চর্চা চলিছে৷ অসমৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈয়ে ড০ হিমন্ত বিশ্ব শর্মাই কেইবাখনো অভিলাষী আঁচনি গ্রহণ কৰিছে৷ ইয়াৰে উদ্যমিতা আঁচনিকে ধৰি কেইবাখনো আঁচনি নীতিশ কুমাৰ চৰকাৰে ৰূপায়ণ কৰাৰ সুফল এনডিএই লাভ কৰা বুলি বিভিন্নজনে মন্তব্য কৰিছে৷ অসমৰ দৰে সৰু ৰাজ্য এখনৰ উদ্যমিতা আঁচনি বিহাৰৰ দৰে ৰাজ্যই ৰূপায়ণ কৰি তৃণমূল পর্যায়ৰ লোকৰ সমর্থন লাভ কৰাটো অসমবাসীৰ বাবে এক শুভ সংবাদ৷ লক্ষণীয় এই যে বিহাৰ বিধানসভা নির্বাচনত মুখ্যমন্ত্রী ড০ শর্মাই নির্বাচনী প্রচাৰ চলোৱা সাতটা সমষ্টিৰ ছটাতে বিজেপি প্রার্থী জয়ী হৈছে৷ বিজেপিয়ে ধাৰাবাহিকভাৱে নির্বাচনী সফলতা লাভ কৰাৰ অন্তৰালত আছে দলটোৰ ক্রমবর্ধমান সাংগঠনিক ভেটি৷ বিশেষকৈ নির্বাচনী বৈতৰণী সফলতাৰে অতিক্রম কৰিবলৈ বিজেপিয়ে তৃণমূল পর্যায়ত যিদৰে সাংগঠনিক ভেটি স্থাপনত গুৰুত্ব দিছে অন্যান্য দলৰ ক্ষেত্রত এতিয়াও সম্ভৱ হৈ উঠা নাই৷ ইয়াৰ উপৰি লোকসভা নির্বাচনৰ পৰা স্থানীয় নিকায়ৰ নির্বাচনলৈ কোনো এটা নির্বাচনক দলটোৱে গুৰুত্বসহকাৰে গ্রহণ কৰে৷ দলটোৰ নেতৃত্বৰ এনে স্থিতিয়ে প্রতিটো নির্বাচনী ৰণত জয়লাভ কৰাটো সহজসাধ্য কৰি তোলে৷ একেদৰে ভোট বিভাজন প্রতিৰোধ কৰাৰ বাবে বিজেপিয়ে গণভিত্তি থকা প্রতিটো আঞ্চলিক দলক অগ্রাধিকাৰ প্রদান কৰি আহিছে৷ ৰাজ্যভিত্তিক এনে মিত্রতাই এনডিএৰ সামগ্রিক ভেটি শক্তিশালী কৰি তুলিছে৷

You might also like