নিজ দেশতে কদৰ নাই পাকিস্তানী ক্ৰিকেটাৰৰ, পিছে এইগৰাকী ভাৰতীয় তাৰকাক লৈ কি চৰ্চা!
ভাৰতৰ যুৱ অপেনাৰ অভিষেক শৰ্মাই ২০২৫ চনত এনে কীৰ্তি গঢ়িছে, যাক লৈ বহুতে কল্পনাও কৰিব নোৱাৰিছিল। তেওঁ ভাৰতীয় ক্রিকেট অনুৰাগীৰ প্ৰিয়ই নহয়, পাকিস্তানতো তেওঁৰ লোকপ্ৰিয়তাই বাবৰ আজমকো পিছ পেলাই দিলে। গুগল ছাৰ্চ ট্ৰেণ্ডছ ২০২৫-এ স্পষ্ট দেখুওৱা মতে, পাকিস্তানত আটাইতকৈ বেছি ছাৰ্চ হোৱা এথলীটজন কোনো পাকিস্তানী খেলুৱৈ নহয়, বৰং ভাৰতৰ এই বাঁও হাতৰ যুৱ বেটছমেন অভিষেক।
📌 জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে ডি লিট ডিগ্ৰী#ZubeenGarg #niyomiyabarta pic.twitter.com/UH1ChkcgyY
— Niyomiya Barta (@NiyomiyaB) December 9, 2025
অভিষেক শৰ্মাৰ জনপ্ৰিয়তাৰ সৰ্বাধিক কাৰণ হৈছে ২০২৫ এছিয়া কাপত তেওঁৰ আক্রমণাত্মক বেটিং। বিশেষকৈ পাকিস্তানৰ বিপক্ষে খেলা তেওঁৰ দুটা ইনিংছে প্ৰতিৱেশী দেশৰ লোককো আশ্চৰ্যচকিত কৰিলে। ফাইনেলত সোনকালে আউট হলেও টুৰ্ণামেণ্টটোৰ সম্পূৰ্ণ সময়ছোৱাত অভিষেকৰ প্ৰভাৱ থাকিল আৰু ভাৰতে খিতাপ জিকিবলৈ সক্ষম হয়।
গুগলৰ ৰিপৰ্ট অনুসৰি, অভিষেক পাকিস্তানত নম্বৰ ১ ছাৰ্চ এথলীট হিচাপে খ্যাতি আৰ্জিছে। তেওঁৰ পাছত স্থান পাইছে— হাছান নৱাজ, ইৰফান খান নিয়াজী, সাহিবজাদা ফৰহান, মোহাম্মদ আব্বাছ। এতিয়ালৈকে পাকিস্তানৰ পূৰ্ব অধিনায়ক বাবৰ আজমো পিছত পৰিল, যাৰ জৰিয়তে অভিষেকৰ অগাধ অনুৰাগী পাকিস্তানত পৰিলক্ষিত হৈছে।
অভিষেক পাকিস্তানতে নহয়, ভাৰততো ২০২৫ চনত সৰ্বাধিক ছাৰ্চ কৰা টপ-৩ লোকৰ তালিকাত স্থান লাভ কৰে। এই তালিকাত মুখ্যভাৱে ক্রিকেটাৰসকলেই স্থান পাইছে— বৈভৱ সূৰ্যৱংশী আৰু প্ৰিয়াংশ আৰ্য।
ইফালে মহিলা ক্রিকেটাৰসকলৰ ভিতৰত স্মৃতি মান্ধানা আৰু জেমিমা ৰড্ৰিগেজে টপ-১০ত ঠাইলাভ কৰিছে।
ডিজিটেল ডেস্ক, ৯ ডিচেম্বৰ
লগতে এইটোও পঢ়ক — সম্পাদকীয়