নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈভৱ সূৰ্যবংশীলৈ  প্রধানমন্ত্রী ৰাষ্ট্রীয় বাল পুৰস্কাৰ

দেশৰ চাঞ্চল্যকৰ ক্রিকেটাৰ বৈভৱ সূর্যবংশী সমগ্র ক্রিকেট বিশ্বত এতিয়া এক চর্চিত নাম৷ নিজৰ অসামান্য প্রতিভাৰে ক্রিজত নিত্যনতুন কৃতিত্ব অর্জনেৰে বৈভৱে ইতিমধ্যেই ক্রিকেট জগতত খলকনি তুলিছে৷

খেলপথাৰত এনে উল্লেখনীয় সফলতাৰ সুবাদত এতিয়া ভাৰত চৰকাৰৰ স্বীকৃতি লাভ কৰিছে বৈভৱ সূর্যবংশীয়ে৷ দেশৰ সর্বোচ্চ শিশু বঁটা প্রধানমন্ত্রী ৰাষ্ট্রীয় বাল পুৰস্কাৰেৰে সন্মানিত হৈছে এই কিশোৰ তাৰকাগৰাকী৷

কিশোৰ তাৰকাগৰাকীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত বিশেষ অনুষ্ঠানত ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৰ হাতৰ পৰা এই সন্মান গ্রহণ কৰে৷ প্রতি বছৰৰ দৰে এইবাৰো দেশৰ বিভিন্ন প্রান্তৰ কিশোৰ–কিশোৰী তথা শিশুক ভিন্ন ক্ষেত্রত দেখুওৱা কৃতিত্বৰ বাবে এই বঁটা প্রদান কৰা হৈছে৷

বিহাৰৰ সমস্তিপুৰৰ সন্তান বৈভৱক ক্রিকেট জগতত অসাধাৰণ প্রদর্শনৰ বাবে এই বঁটাৰে সন্মানিত কৰা হয়৷ আইপিএলৰ ইতিহাসত আটাহতকৈ কম বয়সীয়া খেলুৱৈ আৰু দ্রুততম শতক অর্জনকাৰী ভাৰতীয় খেলুৱৈ হিচাপে বৈভৱক এই বঁটা প্রদান কৰা হয়৷

ডিজিটেল ডেস্ক, ২৭ ডিচেম্বৰ

You might also like