নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় ‘এ’ দলত অসম সন্তান ৰিয়ান পৰাগ

ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ : পুনৰ ভাৰতীয় দললৈ প্রত্যাৱর্তন ঘটিল তাৰকা উইকেটকীপাৰ বেটাৰ ঋষভ পণ্টৰ৷ আলহী দল দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলিবলগীয়া আসন্ন দুখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ বাবে ভাৰতৰ ১৫জনীয়া দলটো ঘোষণা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ এন জগদীশনৰ স্থানত ঋষভ পণ্টক ঘোষিত ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰা হৈছে৷ দক্ষিণ আফ্রিকাৰ বিপক্ষে ১৪ নৱেম্বৰৰ পৰা কলকাতাত প্রথম টেষ্ট আৰু ২২ নৱেম্বৰৰ পৰা গুৱাহাটীত দ্বিতীয়খন টেষ্ট আৰম্ভ হ’ব৷

ইফালে, দুখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ পূৰ্বে দক্ষিণ আফ্ৰিকা ‘এ’ দলৰ বিৰুদ্ধে খেলিব ইণ্ডিয়া ‘এ’ দলে। দক্ষিণ আফ্রিকা এ দলৰ বিপক্ষে খেলিবলগীয়া তিনিখন এদিনীয়া মেচৰ শৃংখলাটোৰ বাবে ভাৰতীয় এ দলটো ঘোষণা কৰিছে নিৰ্বাচক মণ্ডলীয়ে ৷ ঘোষিত দলটোত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে৷ মেচখনত তিলক বার্মাই ভাৰতীয় এ দলটোক নেতৃত্ব দিব৷

অসম সন্তান ৰিয়ান পৰাগে স্থান লাভ কৰা দক্ষিণ আফ্ৰিকা ‘এ’ দলৰ বিপক্ষে খেলিব লগা দলটো- তিলক বাৰ্মা (অধিনায়ক), ৰুতুৰাজ গাইকোৱাড, ৰিয়ান পৰাগ, অভিষেক শৰ্মা, ঈশান কিষাণ, আয়ুস বাদোনী, নিশান্ত সিন্ধু, মানৱ সুথাৰ, বিপৰাজ নিগম, হৰ্ষিত ৰাণা, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, খলিল আহমেদ আৰু প্ৰভছিমৰণ সিং।

You might also like