নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোহিতৰ ওপৰত অত্যন্ত ভাৰসা দলীয় মেনেজমেণ্টৰ

বিশেষ বাৰ্তা, ৬ ডিচেম্বৰঃ শেহতীয়াকৈ বিচিচিআইৰ বিষয়াসকলে ২০২৩ চনৰ বিশ্বকাপত টীম ইণ্ডিয়াৰ প্ৰদৰ্শন পৰ্যালোচনাৰ বাবে এখন বৈঠক আহ্বান কৰিছিল। এই বৈঠকত ভৱিষ্যতৰ কাৰ্যসূচীৰ বিষয়েও আলোচনা কৰা হৈছিল। ইয়াত বি চি চি আইৰ বিষয়াৰ সৈতে জড়িত আছিল অধিনায়ক ৰোহিত শৰ্মা আৰু মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়। এই সময়ছোৱাত ৰোহিত শৰ্মাই বিচিচিআইৰ বিষয়াসকলৰ সৈতে পৰৱৰ্তী টি-২০ বিশ্বকাপত খেলাৰ সম্ভাৱনা সম্পৰ্কে স্পষ্টভাৱে কথা পাতিছিল। কাকতৰ প্ৰতিবেদনত বৈঠকত উপস্থিত থকা বিষয়াজনৰ উদ্ধৃতি দি ৰোহিত শৰ্মাই ব’ৰ্ডৰ সদস্যসকলক কয় যে, ‘যদি আপুনি মোক টি-২০ বিশ্বকাপৰ বাবে নিৰ্বাচন কৰিব বিচাৰে, তেন্তে এতিয়াই মোক এই বিষয়ে কওক।’ প্ৰতিবেদন অনুসৰি, বৈঠকত উপস্থিত থকা সকলো বিষয়া, নিৰ্বাচক আৰু প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে যেন সৰ্বসন্মতিক্ৰমে টি-২০ বিশ্বকাপৰ নেতৃত্ব ৰোহিত শৰ্মাৰ হাতত অৰ্পণ কৰিবলৈ ইচ্ছুক। আনকি নিৰ্বাচকসকলেও বিচাৰিছিল যে ৰোহিতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰাই টীম ইণ্ডিয়াৰ বাঘজৰী দখল কৰক, কিন্তু ৰোহিতে কিছুদিনৰ বাবে বিৰতি বিচাৰিছিল। বিচিচিআইৰ এই পৰ্যালোচনা বৈঠক নতুন দিল্লীত আয়োজন কৰা হৈছিল। অৱশ্যে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই বৈঠকত ৰোহিত শৰ্মা জড়িত হৈ আছিল। আচলতে ভাৰতীয় অধিনায়কগৰাকীয়ে সেই সময়ত লণ্ডনত আছিল। বিশ্বকাপৰ পাছতহে তেওঁ লণ্ডনলৈ ৰাওনা হয়। উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ লগতে টি-২০ত নেখেলে ৰোহিত শৰ্মাই। দুখন মেচৰ টেষ্ট শৃংখলাত তেওঁ পোনপটীয়াকৈ ভাৰতীয় দলৰ দায়িত্ব ল’ব। ৰোহিতে বিৰতি লোৱাৰ অনুৰোধৰ বাবেই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন খেলৰ টি-২০ শৃংখলাৰ অধিনায়কত্ব সূৰ্যকুমাৰ যাদৱক দিছে নিৰ্বাচক দলে। এদিনীয়া শৃংখলাৰ দায়িত্ব ল’ব কে এল ৰাহুলে।

#বাৰ্তা ডেস্ক

You might also like