নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাম মন্দিৰৰ অভিষেক কাৰ্যসূচীলৈ নিমন্ত্ৰণ শচীন-বিৰাটক

বিশেষ বাৰ্তা, ৬ ডিচেম্বৰঃ ক্ৰিকেটৰ মহান খেলুৱৈ দুগৰাকী শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলিক ক্ৰিকেট খেলপথাৰত নিশ্চয় বহুবাৰ দেখিছে, কিন্তু অতি সোনকালেই দেশৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় কাৰ্যসূচীত এই দুয়োগৰাকী খেলুৱৈক একেলগে দেখা পাব। আচলতে শচীন আৰু বিৰাট দুয়োজনেই অযোধ্যালৈ গৈ ৰাম মন্দিৰৰ অভিষেক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে। প্ৰিন্ট ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৰাম মন্দিৰৰ অভিষেক কাৰ্যসূচীৰ বাবে শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলী দুয়োকে নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে। যদি এনেকুৱা হয় তেন্তে ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক শতক অৰ্জন কৰা এই দুগৰাকী ভাৰতীয় খেলুৱৈয়ে একত্ৰিত হৈ কোনো ধৰ্মীয় স্থানত কোনো অনুষ্ঠান চাবলৈ যাব। উল্লেখ্য যে অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰৰ এই বৃহত্তম ধৰ্মীয় কাৰ্যসূচী ২০২৪ চনৰ ২২ জানুৱাৰীত আয়োজন কৰা হ’ব। এই বিশেষ অনুষ্ঠানৰ বাবে এই সন্মানীয় ক্ৰিকেট যুটিৰ উপৰি প্ৰায় ৮০০০ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে। ২০২৪ চনৰ জানুৱাৰী মাহৰ ভিতৰত পৱিত্ৰ মন্দিৰটো সাজু হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ভাৰতৰত্ন শচীন তেণ্ডুলকাৰ, বিৰাট কোহলিকে ধৰি বহু বিশেষ ব্যক্তিয়ে ৰাম লল্লাৰ প্ৰতিমূৰ্তি উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শচীন আৰু বিৰাটে বহুবাৰ ধৰ্মীয় কাম-কাজত অংশগ্ৰহণ কৰা দেখা গৈছে। বিশেষকৈ যোৱা কেইমাহমান বা বছৰত বিৰাট কোহলিক পত্নী অনুষ্কা শৰ্মাৰ সৈতে দেশৰ বিভিন্ন ধৰ্মীয় স্থানত কেইবাবাৰো পূজা কৰা দেখা গৈছে। বিৰাটৰ একাংশ অনুৰাগীৰ মতে তেওঁ ধৰ্মীয় স্থান ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰাৰ পিছৰে পৰা তেওঁৰ ফৰ্মো ঘূৰি আহিছে, আৰু এতিয়া তেওঁ নিজৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ ক্ৰিকেট খেলিছে।

#বাৰ্তা ডেস্ক

You might also like