নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতা দিৱসৰ পাছতহে অসমলৈ আহিব অভিনেতা আমিৰ খান

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: স্বাধীনতা দিৱসৰ পাছতহে অসমলৈ আহিব বলীউডৰ জনপ্রিয় অভিনেতা ‘মিষ্টাৰ পাৰফেক্টছ’নিষ্ট’ আমিৰ খান৷ শেহতীয়া বহুচর্চিত চলচ্চিত্র লালসিং চাদ্ধাৰ প্রমোচনৰ বাবে আমিৰ খান অসমলৈ অহাৰ লগতে খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা দিৱসৰ ৰাজ্যিক কেন্দ্রীয় অনুষ্ঠানত অংশগ্রহণ কৰিব বুলিও ব্যাপক চর্চা অব্যাহত থকাৰ মাজতে এই কথা স্পষ্ট কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

বিষয়টো সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আমিৰ খানে অসমলৈ আহিব বিচাৰিছিল৷ আনকি তেওঁ মোৰ লগত কথাও পাতিছিল৷ কিন্তু এইবাৰৰ স্বাধীনতা দিৱসৰ ফ’কাছটো যাতে বেলেগ হৈ নাযায়, সেই কাৰণে মই তেওঁক স্বাধীনতা দিৱসৰ পাছত অসমলৈ আহিব কৈছোঁ৷

উল্লেখ্য যে স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি সমগ্র দেশৰ লগতে অসমতো ব্যাপকভাৱে ‘হৰ ঘৰ ত্রিৰংগা’ অভিযান অব্যাহত আছে৷ প্রধানতঃ ইয়াৰ ওপৰত থকা মনোযোগ যাতে আন দিশলৈ নাযায়, তাৰ প্রতি লক্ষ্য ৰাখিয়েই বলীউডৰ জনপ্রিয় অভিনেতাজনক প্রস্তাৱিত অসম ভ্রমণসূচী সাময়িকভাৱে স্থগিত ৰাখিবলৈ অনুৰোধ জনোৱা বুলি মুখ্যমন্ত্রী ড০ শর্মাই সদৰী কৰে৷ আমিৰ খানৰ অসম ভ্রমণসূচী কেতিয়া স্থিৰ হ’ব বুলি সাংবাদিকে সোধা প্রশ্ণৰ বিপৰীতে মুখ্যমন্ত্রী ড০ শর্মাৰ উত্তৰ– মোৰ সৈতে তেওঁৰ টেলিফোনত কথা হৈয়েই থাকে৷ যেতিয়াই কওঁ, তেতিয়াই তেওঁ আহিব৷ তেওঁৰ সৈতে কথা পাতি দিনটো পাছত ঠিক কৰাৰ কথা কৈছোঁ৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে আমিৰ খান আৰু কৰীণা কাপুৰ অভিনীত বহুচর্চিত চলচ্চিত্র ‘লালসিং চাদ্ধা’ ইতিমধ্যে যোৱা ১১ আগষ্টত ছিলভাৰ স্ক্রীনত মুক্তি পাইছে৷ বিশ্বৰ চলচ্চিত্র সমালোচকৰ দ্বাৰা বহুলভাৱে প্রশংসিত হলীউডৰ ‘ফৰেষ্ট গাম্প’ৰ ৰিমেক ‘লালসিং চাদ্ধা’ক লৈ ইতিমধ্যে সমগ্র দেশতে উঠিছে চর্চাৰ জোৱাৰ৷

You might also like