নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাতীয় দলত উপেক্ষিত : বিশ্বজয়ী মহিলা দলৰ প্ৰশিক্ষক ঘৰুৱা ক্ৰিকেটৰ ষ্টাৰ অমল মজুমদাৰ

শচীন তেণ্ডুলকাৰে কোৱা অনুসাৰে, মজুমদাৰ সদায় কৈছিল, “মই ভাৰতৰ বাবে কেতিয়াও খেলিব নোৱাৰিলো — এইটো মোৰ জীৱনৰ এক অপূর্ণতা।”

ভাৰতে মহিলা বিশ্বকাপ-২০২৫ৰ খিতাপ নিজৰ দখল কৰি ইতিহাস ৰচিছে। হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত ভাৰতীয় দলে মহিলা বিশ্বকাপ জিকি দেশক গৌৰৱান্বিত কৰিছে। এই ঐতিহাসিক জয়ৰ পিছত ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক অমল মজুমদাৰৰ অৱদান অস্বীকাৰ কৰিব নোৱাৰি। অমল মজুমদাৰ হৈছে সেইজন ব্যক্তি, যিয়ে টীম ইণ্ডিয়াক সকলো বিপৰ্যয়ত সহায় কৰিছিল। নিজে কেতিয়াও ভাৰতীয় জাৰ্ছীত খেলিব নাপালেও আজিৰ দিনত তেওঁৰ নাম ইতিহাসত সোণালী আখৰেৰে লিখা হ’ল— ভাৰতীয় মহিলা দলক বিশ্বকাপ জিকালে অমল মজুমদাৰে।

অমল মজুমদাৰে ১৯৯৩ চনত ফাৰ্ষ্ট-ক্লাছ ক্ৰিকেট আৰম্ভ কৰিছিল আৰু ২০০২ চনলৈ ভাৰতীয় দলত স্থান পাবলৈ চেষ্টা কৰিছিল। কিন্তু সফল নহ’ল। হতাশ মজুমদাৰক তেওঁৰ পিতৃ অনিল মজুমদাৰে ক’লে, “খেলা এৰি নিদিবি, তোৰ ভিতৰত এতিয়াও ক্ৰিকেট আছে।” এই বাক্যই তেওঁৰ জীৱনৰ দিশ সম্পূৰ্ণৰূপে পৰিবৰ্তন কৰিলে।

২০১৪ চনত তেওঁ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল। শচীন তেণ্ডুলকাৰে কোৱা অনুসাৰে, মজুমদাৰ সদায় কৈছিল, “মই ভাৰতৰ বাবে কেতিয়াও খেলিব নোৱাৰিলো — এইটো মোৰ জীৱনৰ এক অপূর্ণতা।”

এক বৰ্ণাঢ্য আৰু দীঘলীয়া যাত্ৰা। ঘৰুৱা ক্ৰিকেটৰ ষ্টাৰ তেওঁ। ৰঞ্জি ট্ৰফীৰ ইতিহাসত সম্ভৱতঃ সৰ্বাধিক ৰানৰ ৰেকৰ্ড আছে এইগৰাকী তাৰকা বেটাৰৰ নামত। ১১১৬৭ ৰান কৰিও জাতীয় দললৈ তেওঁ নিৰ্বাচিত নহল ঘৰুৱা ক্ৰিকেটৰ ইতিহাসৰ অন্যতম সফল এইগৰাকী তাৰকা- নাম তেওঁৰ অমল মজুমদাৰ।

দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত বিশ্বকাপ জয়ৰ সপোন সাকাৰ হল ভাৰতৰ। মিতালী-ঝুলনৰ দৰে তাৰকাৰ যি আধৰুৱা সপোন, সেই সপোন বাস্তৱায়িত কৰিলে হৰমনপ্ৰীত বাহিনীয়ে। পিছে এই জয়ৰ নেপথ্যত থাকি নেতৃত্ব দিছিল এইগৰাকী ষ্টাৰ ক্ৰিকেটাৰ অমল মজুমদাৰে।

জাতীয় দলত খেলিবলৈ সুযোগ নাপালে তেওঁ। কাৰণটোও আচৰিত। কিয়নো অমল মজুমদাৰে খেলিবলৈ লোৱাৰ সময়তে ভাৰতীয় ক্ৰিকেটত এক বিস্ময় বালকে সকলোৰে দৃষ্টি কাঢ়ে। তেওঁ হল ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। লগতে আহিল ৰাহুল দ্ৰাবিৱড়, সৌৰভ গাংগুলী ভিভিএছ লক্ষ্মণ আৰু বিনোদ কাম্বলীহঁতৰ দৰে অন্যতম ষ্টাৰ ক্ৰিকেটাৰ। যাৰ বাবেই যেন উপেক্ষিত হৈ ৰল অমল মজুমদাৰ। কিয়নো সেই সময়ত এইসকল তাৰকাই কৰা প্ৰদৰ্শনত সন্তুষ্ট হৈ নিৰ্বাচকে তেওঁলোক স্থান দিয়াত অমল মজুমদাৰৰ হয়তো ষ্টাৰডম হেৰাই থাকিল।

প্ৰতিভা থাকিও বহু তেনে তাৰকা হয়তো হেৰাই গৈছে সময়ৰ সোঁতত, তাৰ মাজতে এজন অমল মজুমদাৰ। একোৰে নাছিল অভাৱ তেওঁৰ। মাত্ৰ নিৰ্বাচকৰ সদিচ্ছা যেন হৈ পৰিল একমাত্ৰ অন্তৰায়। ৰঞ্জি ট্ৰফীত শতক বা অৰ্ধশতক ৰেকৰ্ড আছে তেওঁক৷ মুম্বাইৰ হৈ খেলা অভিষেক মেচত হাৰিয়ানাৰ বিৰুদ্ধে খেলিছিল ২৬০ৰ অপৰাজিত ইনিংছ৷ ১৩১খন প্ৰথম শ্ৰেণীৰ মেচত ১১,১৬৭ ৰান কৰে তেওঁ— যত ত্ৰিশটা শতক, ষাঠিটা অৰ্ধশতক৷

অমল মজুমদাৰৰ জন্ম ১৯৭৪ চনৰ ১১ নৱেম্বৰত। এজন ভাৰতীয় ক্ৰিকেট প্ৰশিক্ষক আৰু পূৰ্বৰ ক্ৰিকেটাৰ তেওঁ। তেওঁ মুম্বাই, অন্ধ্ৰপ্ৰদেশ আৰু অসমৰ ক্ৰিকেট দলৰ হৈ খেলিছিল। মজুমদাৰ মূলতঃ এজন সোঁহতীয়া বেটছমেন। ৰঞ্জী ট্ৰফীত আটাইতকৈ বেছি ৰান কৰাৰ ৰেকৰ্ড তেওঁৰ দখলত, যি পূৰ্বে অমৰজিৎ কৈপীৰ ৰেকৰ্ড আছিল। ২০২৩ চনৰ অক্টোবৰ মাহত ব’ৰ্ড অৱ কণ্ট্ৰ’ল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া (BCCI)-এ তেওঁক ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ প্ৰধান প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে। তেওঁৰ প্ৰশিক্ষণত ভাৰতীয় মহিলা ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে আই.চি.চি. মহিলা এদিনীয়া বিশ্বকাপ দখল কৰে।

অমল মজুমদাৰে প্ৰথমে বি. পি. এম. হাইস্কুলত অধ্যয়ন কৰিছিল, তাৰ পাছত তেওঁৰ প্ৰশিক্ষক ৰামাকান্ত আচাৰেকাৰৰ অনুৰোধত শৰদাশ্ৰম বিদ্যামন্দিৰ স্কুললৈ স্থানান্তৰ হয়। সেই স্কুলত তেওঁ প্ৰসিদ্ধ ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ সৈতে পৰিচিত হয়, দুয়োজনৰ প্ৰশিক্ষক একে আছিল।

মজুমদাৰে ১৯৯৩–৯৪ চনৰ ৰঞ্জী ট্ৰফী চলাকালীন বোম্বে (বৰ্তমান মুম্বাই)-ৰ হৈ হাৰিয়ানাৰ বিৰুদ্ধে ফৰিদাবাদত প্ৰথম শ্ৰেণীৰ প্ৰথমখন খেলত ২৬০ ৰান কৰিছিল। এইটো সেই সময়ত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত কোনো নতুন খেলুৱৈৰ বাবে বিশ্বৰেকৰ্ড আছিল, যি ২০১৮ চনত অজয় ৰোহেৰাই ভংগ কৰে।

১৯৯৪ চনত তেওঁ ভাৰতীয় অনুৰ্ধ-১৯ দলৰ উপ-অধিনায়ক হিচাপে ইংলেণ্ড ভ্ৰমণ কৰিছিল। সেই সময়ত তেওঁক “নতুন তেণ্ডুলকাৰ” বুলি কোৱা হৈছিল। ১৯৯৪–৯৫ চনত তেওঁ ৰাহুল দ্ৰাৱিড় আৰু সৌৰভ গাঙ্গুলীৰ সৈতে ভাৰত A দলতো খেলিছিল।

যদিও তেণ্ডুলকাৰ, দ্ৰাৱিড় আৰু গাঙ্গুলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত খেলিবলৈ সুযোগ পাইছিল, মজুমদাৰে কেতিয়াও ভাৰতীয় ৰাষ্ট্ৰীয় দলত টেষ্ট বা এদিনীয়া ক্ৰিকেট খেলিবলৈ নিৰ্বাচিত হোৱা নাছিল।

২০০২ চনত তেওঁ খেল এৰাৰ কথা ভাবিছিল, কিন্তু তাৰ পাছতো মুম্বাই দলৰ সৈতে কেৰিয়াৰ অব্যাহত ৰাখে। ২০০৬–০৭ চনত তেওঁ মুম্বাই দলৰ অধিনায়ক হয় আৰু ৰঞ্জি ট্ৰফী জয় কৰে।

২০০৯ চনত মজুমদাৰে মুম্বাইৰ পৰা অসমৰ ক্ৰিকেট দললৈ স্থানান্তৰ হয়, কাৰণ তেওঁক মুস্তাক আলি টি-২০ ট্ৰফীৰ বাবে নিৰ্বাচন কৰা হোৱা নাছিল। পিছত ২০১২ চনত তেওঁ অন্ধ্ৰপ্ৰদেশ দলৰ সৈতে চুক্তিত স্বাক্ষৰ কৰে।

মজুমদাৰক ভাৰতীয় অনুৰ্ধ-১৯ আৰু অনুৰ্ধ-২৩ দলৰ বেটিং প্ৰশিক্ষক হিচাপে নিযুক্ত কৰা হৈছিল। ২০১৩ চনৰ ডিচেম্বৰত তেওঁ নেদাৰলেণ্ড ক্ৰিকেট দলৰ বেটিং উপদেষ্টা হিচাপে নিযুক্ত হয়। ২০১৮ চনত তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ বেটিং প্ৰশিক্ষক হয় আৰু তিনিটা ছিজন (২০১৭–১৮, ২০১৮–১৯, ২০১৯–২০) কাম কৰে। তেওঁ দক্ষিণ আফ্ৰিকা দলৰ বাবে ভাৰত ভ্ৰমণৰ সময়ত অস্থায়ী বেটিং প্ৰশিক্ষক হিচাপেও কাম কৰিছিল।

২০২৩ চনৰ অক্টোবৰ মাহত BCCI-এ তেওঁক ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ প্ৰধান প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰে। তেওঁৰ নেতৃত্ব আৰু প্ৰশিক্ষণত ২০২৫ চনত ভাৰতীয় মহিলা দলে নিজৰ প্ৰথম আই.চি.চি. মহিলা এদিনীয়া বিশ্বকাপ জয় কৰি ইতিহাস সৃষ্টি কৰে।

ডিজিটেল ডেস্ক, ৩ নৱেম্বৰ

You might also like