নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাভলীনাৰ সোণোৱালী যাত্রা

  • মুকুট শর্মা

 

             মূলাগাভৰু, সতী জয়মতী, কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননী আদিৰ দৰে বীৰাংগনাৰে মহীয়ান অসমৰ নাৰী শক্তিৰ ত্যাগ, সাহস আৰু বীৰত্ব ইতিহাসৰ পাততে বিৰল ৷ এই বীৰাংগনাৰ দেশ অসমৰ নাৰী আজি কোনো ক্ষেত্রতে পিছপৰি ৰোৱা নাই৷ সাহিত্য, সংস্কৃতি, শিক্ষা, প্রযুক্তিৰ পৰা আৰম্ভ কৰি ক্রীডাক্ষেত্রলৈ– সকলো দিশত অসমৰ নাৰী শক্তিয়ে এতিয়া বিশ্বত দেশৰ গৌৰৱধ্বজা উৰুৱাইছে৷ আকাশ পোহৰাই তোলা সূর্যৰ উজ্জ্বল ৰশ্মিৰ দৰেই একাংশ বিৰল প্রতিভাধৰ নাৰীয়ে শেহতীয়াকৈ অসমক বিশ্বৰ বুকুত উজলাই তুলিছে৷ এইক্ষেত্রত প্রথমেই নাম ল’ব লাগিব প্রখ্যাত চলচ্চিত্র নির্মাতা ৰীমা দাস আৰু তাৰকা এথলীট হিমা দাসৰ৷ নিজ নিজ ক্ষেত্রত অসাধাৰণ প্রতিভাৰ পৰিচয় দাঙি ধৰি এইসকল নাৰীয়ে অসমবাসীক গৌৰৱান্বিত কৰিছে৷ অতি শেহতীয়াকৈ ৰাজ্যৰ আন এগৰাকী উদীয়মান জীয়ৰীয়ে ক্রীডাক্ষেত্রত অসমৰ গৰিমা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ তেওঁ হ’ল বক্সিং ৰিঙৰ সাহসী যোদ্ধা লাভলীনা বৰগোহাঁই৷ ভাৰতীয় বক্সিং জগতৰ অন্যতম সম্ভাৱনাময় তাৰকাগৰাকীয়ে আগন্তুক টকি’অ অলিম্পিকলৈ যোগ্যতা অর্জন কৰি ৰাজ্যবাসীৰ মাজত ৰঙৰ উৎসৱৰ আনন্দ আৰু উৎসাহ দুগুণে বৃদ্ধি কৰে৷

জর্ডানত অনুষ্ঠিত অলিম্পিক কোৱালিফায়াৰ প্রতিযোগিতাৰ ছেমি ফাইনেলত প্রৱেশ কৰি ২৩বছৰীয়া লাভলীনাই গ্রেটেষ্ট শ্ব’ অন আর্থত দেশক প্রতিনিধিত্ব কৰাৰ বিৰল সুযোগ লাভ কৰে৷ মন কৰিবলগীয়া যে বিশ্ব ক্রীডাৰ সর্ববৃহৎ মহোৎসৱ অলিম্পিকলৈ যোগ্যতা অর্জন কৰা লাভলীনা হ’ল অসমৰ প্রথমগৰাকী মহিলা আৰু সামগ্রিকভাৱে পঞ্চমগৰাকী ক্রীডাবিদ৷ ইয়াৰ পূর্বে অসমৰ প্রখ্যাত ফুটবলাৰ ড০ টালিমেৰণ আও (১৯৪৮ৰ লণ্ডন অলিম্পিক), শ্বাটলাৰ দীপাংকৰ ভট্টাচার্য (১৯৯২ৰ বার্চিলোনা অলিম্পিক আৰু ১৯৯৬ৰ আটলাণ্টা অলিম্পিক), ধনুর্বিদ জয়ন্ত তালুকদাৰ (২০১২ৰ লণ্ডন অলিম্পিক) আৰু বক্সাৰ শিৱ থাপা (২০১২ৰ লণ্ডন অলিম্পিক আৰু ২০১৬ৰ ৰি’ অলিম্পিক) দেশৰ হৈ অলিম্পিক খেলাৰ সৌভাগ্য অর্জন কৰিছে৷

এইসকল প্রখ্যাত ক্রীডাবিদৰ তালিকাত এতিয়া সংযোজিত হ’ল গোলাঘাটৰ জীয়ৰী লাভলীনা বৰগোহঁাইৰ নাম৷ উল্লেখ্য যে ২০১৯ৰ অক্টোবৰৰ দ্বিতীয়টো সপ্তাহত ৰাছিয়াত অনুষ্ঠিত আইবা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্রঞ্জৰ পদক জয় কৰি অসমৰ প্রতিভাৱান বক্সাৰগৰাকীয়ে সমগ্র দেশলৈ খ্যাতি কঢ়িয়াই আনিছিল৷ বিশ্ব বক্সিঙৰ সর্বশ্রেষ্ঠ মহাৰণ হিচাপে পৰিগণিত আইবা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত তেওঁ ক্রমাগতভাৱে দ্বিতীয়টো ব্রঞ্জ পদক অর্জন কৰে৷ ইয়াৰ পূর্বে ২০১৮ৰ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপতো বৰপথাৰৰ দৃঢ়মনা বক্সাৰগৰাকীয়ে দেশৰ হৈ ব্রঞ্জ জয়েৰে উজলি উঠিছিল৷ যোৱা প্রায় দুবছৰত দাঙি ধৰা চমকপ্রদ প্রদর্শনৰ পাছত অসমৰ এইগৰাকী মহিলা বক্সাৰৰ ওপৰত এতিয়া সমগ্র দেশৰ ক্রীডাপ্রেমীৰ দৃষ্টি নিবদ্ধ৷ ক্রীডাপ্রেমীয়ে তেওঁক আখ্যা দিছে ভাৰতীয় বক্সিং জগতৰ নতুন বীৰাংগনা, যিয়ে হয়তো আগন্তুক টকি’ অলিম্পিকত পদক জিনি অসমৰ ক্রীডা ইতিহাসক ধন্য কৰিব৷ বক্সিং ৰিঙৰ এইগৰাকী সাহসী যোদ্ধাই প্রতিভাৰ চমকেৰে দেশবাসীৰ চকুত যোগাই তুলিছে বিশ্বজয়ৰ দুর্বাৰ স্বপ্ণ৷ বৰপথাৰৰ দৰে ভিতৰুৱা আৰু অনগ্রসৰ অঞ্চলৰ পৰা বিশ্ব ক্রীডাৰ সর্ববৃহৎ মহোৎসৱলৈ লাভলীনাৰ এই সোণোৱালী যাত্রাই ৰাজ্যৰ নৱ প্রজন্মক নিশ্চয়কৈ উদ্বুদ্ধ কৰিব৷

 অলিম্পিকত দেশৰ হৈ পদক জয়ৰ সপোন পুহি ৰখা লাভলীনাৰ জন্ম হৈছিল ১৯৯৭ চনৰ ২ অক্টোবৰত৷ পিতৃ টিকেন বৰগোহঁাই আৰু মাতৃ মামণি বৰগোহাঁয়ে বিচাৰিছিল কনিষ্ঠ কন্যা লাভলীনাই ভালকৈ পঢ়া–শুনা কৰি ঘৰৰ নাম উজলাব আৰু এদিন পৰিয়ালটোৰ কষ্ট দূৰ হ’ব৷ কিন্তু দুই জ্যেষ্ঠ ভগ্নীক দেখি লাভলীনায়ো প্রায় ১১ বছৰ বয়সৰ পৰাই আৰম্ভ কৰিলে দুঃসাহসিক খেল কিক বক্সিং৷ জ্যেষ্ঠ ভগ্নী লিচা আৰু লিমাই ৰাষ্ট্রীয় স্তৰত কিকবক্সিং খেলি ঘৰখনলৈ আশাৰ বতৰা কঢ়িয়াই অনাৰ সময়তে লাভলীনাই বৰপথাৰ ছোৱালী হাইস্কুলত বক্সিং খেলৰ প্রতি আকর্ষিত হয়৷ এদিন স্কুলত গোলাঘাট ছাই কেন্দ্রই আয়োজন কৰা বাছনি শিবিৰত তেওঁৰ প্রতিভাৰ ওপৰত চকু পৰে প্রশিক্ষক পদুম বড়োৰ৷ এয়া আছিল ২০১২ চনৰ কথা৷ প্রখ্যাত প্রশিক্ষকগৰাকীয়ে লাভলীনাক শিবিৰৰ পৰা বাছনি কৰি ছাই কেন্দ্রত প্রশিক্ষণ দিবলৈ আৰম্ভ কৰে৷ ইয়াৰ পৰাই আৰম্ভ হয় দেশৰ নতুন মেৰীকম সৃষ্টিৰ এক মনোৰম কাহিনী৷ এই কাহিনী অধিক মনোৰম আৰু চিত্তাকর্ষক হৈ উঠিব, যেতিয়া গোলাঘাটৰ লাভলীনাই টকি’ অলিম্পিকৰ বক্সিং ৰিঙৰ পৰা দেশলৈ পদক কঢ়িয়াই ৰাজ্যৰ ক্রীডাক্ষেত্রত নতুন ইতিহাস ৰচিব৷ এই মধুৰ ক্ষণৰ বাবে সকলো আজি অপেক্ষাৰত৷ বৰপথাৰৰ লাভলীনা হওক ভাৰতীয় বক্সিঙৰ ৰাণী আৰু বিশ্ব বক্সিঙৰ নতুন মেৰীকম৷

You might also like