নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩ লাখ ৰং–বিৰঙী ফুলৰ ৰামধেনু: কাশ্মীৰৰ টিউলিপ গার্ডেন

অমল কৃষ্ণ ভৰালী

ভূ–স্বর্গ কাশ্মীৰ উপত্যকা৷ অপৰূপ প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ এই পাহাৰীয়া ৰাজ্যখনৰ প্রতি ভাৰতৰ প্রতিগৰাকী নাগৰিকৰে থাকে অলেখ কৌতূহল৷ পাহাৰ, নদী, হ্রদ, বৰফ, মন্দিৰ আদি বিভিন্ন সম্পদেৰে পৰিপূর্ণ এইখন ৰাজ্য৷ গুলমার্গ, লেহ, কুপৱাৰা আদিৰ প্রাকৃতিক পৰিৱেশ, ডাল লেককে ধৰি ১০টাতকৈ অধিক মনোমোহা হূদ, বৈষ্ণোদেৱী মন্দিৰ, অমৰনাথৰ দৰে ধর্মীয় তীর্থস্থানৰ উপৰি কাশ্মীৰত বিশেষভাৱে আকর্ষণৰ সৃষ্টি কৰি আহিছে এখন ফুলনি বাগিচাই৷ সেইখন হ’ল ইন্দিৰা গান্ধী মেম’ৰিয়েল টিউলিপ গার্ডেন৷ ২০০৭ চনত মুকলি হোৱা এইখন বাগিচা এছিয়াৰ ভিতৰতে বৃহৎ৷ ১৬শ শতিকাতে মোগল সম্রাটে কাশ্মীৰত খেলা–ধূলা উপভোগ কৰিবলৈ এই ভূমিখণ্ড প্রস্তুত কৰি তুলিছিল৷ প্রায় ৩০ হেক্টৰজোৰা এই ভূমিখণ্ড শ্রীনগৰৰ আদর্শ পুষ্পোদ্যান চেণ্টাৰ হিচাপে পৰিচিত আছিল৷ প্রসিদ্ধ ডাল লেকৰ কাষৰ জাবাৰৱান ৰেঞ্জৰ পাদদেশতে বর্তমান এই টিউলিপ ফুলৰ উদ্যান অৱস্থিত৷ পুষ্পোদ্যান আৰু পর্যটনৰ উন্নয়নৰ ক্ষেত্রত কাশ্মীৰ উপত্যকাত এই উদ্যানে এতিয়া বিশেষ ভূমিকা লৈছে৷ শ্রীনগৰৰ পৰা দক্ষিণ দিশে ৯ কিলোমিটাৰ গ’লেই পোৱা যায় ডাল লেকৰ কাষতে থকা ইন্দিৰা গান্ধী টিউলিপ গার্ডেন৷ এই উদ্যানত প্রৱেশ কৰিলে এনে অনুভৱ হয় যেন স্বর্গৰ নন্দন কাননতহে আছোঁহি৷ ৰং–বিৰঙৰ লাখ লাখ টিউলিপ ফুলে ইয়াত দৃষ্টি কাঢ়ি নিয়ে৷ এই টিউলিপ ফুলৰ বাগানত বিভিন্ন ৰঙৰ ফুল দেখিবলৈ পোৱা যায়৷ তাৰ ভিৰত ৰঙা, কমলা, হালধীয়া, বেঙুনীয়া, পাতল বেঙুনীয়া ৰঙেই প্রধান৷ এইবোৰৰ উপৰি বহু ৰঙৰ হাইব্রীড ফুলৰ খেতি ইয়াত কৰা দেখা যায়৷ এই ৰঙীন ফুলবোৰৰ গঢ় বিভিন্ন ৰূপৰ৷ কিছুমান পাগুৰিৰ দৰে গোলাকাৰ, কিছুমান দীঘলীয়া, কিছুমান ফুলৰ পাহি আকৌ বিক্ষিপ্ত ৰূপত মেলখোৱা বা ঊর্ধ্বমুখী হৈ আৱৰি থাকে, আন কিছুমান আকৌ দেখিবলৈ প্রজ্বলিত শিখাৰ দৰে৷ এই হাইব্রীড ফুলৰ একোটা শাৰী দীঘলে ৮০ মিটাৰ আৰু প্রস্থ ১ মিটাৰকৈ ব্যাপ্ত৷ এই টিউলিপ গার্ডেনখন সাতটাকৈ শ্ল’পিং গ্রাউণ্ডত খণ্ড খণ্ড কৰি ঢ়াপ বনোৱা হৈছে৷ বিভিন্ন দিশৰ পৰা চালে বহু উচ্চস্তৰৰ ফুলেৰে জাতিষ্কাৰ ফুলনিখনে মানুহক মোহগ্রস্ত কৰি তোলে৷ বাগানৰ কেউকাষে আছে বহু ফলৰ গছ৷ গছবোৰৰ বিভিন্ন ৰঙৰ কুঁহিপাত আৰু ফুলেৰে পৰিৱেশটো মোহনীয়া কৰি তোলে৷ শীতকালৰ পিছত গছবোৰ পাতে–ফুলে–ফলে জাতিষ্কাৰ হৈ পৰে৷ গার্ডেনখনৰ নামনিৰ ফালে চালে ৰঙীন মার্বলৰ দলিচাৰ দৰে লাগে৷ বাগানখনত টিউলিপৰ উপৰি মেটেকাজাতীয় ফুল, নার্চিছাছ, ডেফ’ডিলছ, মাছকাৰিয়া আৰু ইৰিছ ফুলৰ সমাহাৰ দেখা যায়৷
এজোপা টিউলিপ ফুল প্রায় ৬ চেণ্টিমিটাৰ দীঘল আৰু ই থিয় হৈ থাকে৷ ফুলপাহত থাকে কিছুমান বক্রৰেখা৷ প্রতিপাহ ফুলত তিনিটা পাপৰি আৰু তিনিটা চুপহি থাকে, যি ৪–৬ চেণ্টিমিটাৰ ব্যাসার্ধৰ অর্ধ প্রস্ফুটিত হিচাপে দেখা যায়৷ টিউলিপ ফুলৰ গছ সাধাৰণতে ১–২ ফুট উচ্চতালৈকে বৃদ্ধি পায়৷ এজোপা গছত চাৰিপাহিকৈ ফুল ফুলে৷ মনোমোহা এই ফুলৰ বাগানখন দূৰৰ পৰা চালে এনে অনুভৱ হয় যে পৃথিৱীলৈ ৰামধেনুহে যেন নামি আহিছে৷ সৌন্দর্যপিয়াসী মানুহে ফুলনিখনৰ আদিৰ পৰা অন্তলৈকে দর্শন কৰি তৃপ্ত হয়৷
প্রতি বছৰৰ দৰে এই বছৰো মার্চৰ প্রথম সপ্তাহতে দর্শকৰ বাবে মুকলি হৈছে টিউলিপ গার্ডেন৷ যোৱা বর্ষৰ ৫ আগষ্টত জম্মু–কাশ্মীৰক দ্বিখণ্ডিত কৰি জম্মু–কাশ্মীৰ আৰু লাডাখ নামেৰে দুখন কেন্দ্রীয়শাসিত ৰাজ্যৰ সৃষ্টি কৰা, সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলেৰে বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰাৰ পিছত ৰাজ্যখনত পর্যটন ক্ষেত্রত বিৰূপ প্রভাৱ পেলাইছিল৷ দেশৰ বিভিন্ন প্রান্তৰ পর্যটক আৰু বিদেশী পর্যটকো মনোমোহা কাশ্মীৰ উপত্যকালৈ অহাটো কমি গৈছিল৷ কিন্তু এতিয়া পৰিৱেশ উন্নত হোৱাত এই টিউলিপ গার্ডেনে দেশী–বিদেশী সকলো পর্যটককে আকর্ষণ কৰিব বুলি আশা কৰিছে পর্যটন বিভাগে৷ এছিয়াৰ সর্ববৃহৎ ফুলৰ উদ্যানখনত পূর্বৰ বর্ষসমূহত প্রায় ১২ লাখ ফুল এই ঋতুত একেলগে ফুলিছিল৷ এইবাৰ তুলনামূলকভাৱে ১ লাখ ফুল বৃদ্ধি কৰিছে৷ ফলত বাগানখনত ১৩ লাখ ফুল ফুলিব এই ঋতুত৷ জম্মু–কাশ্মীৰৰ পুষ্পোদ্যান বিভাগে জাপানী আর্হিত ইয়াত ‘চেৰী গার্ডেন’ নির্মাণৰো প্রস্তুতি চলাইছে৷ টিউলিপ গার্ডেনৰ তত্ত্বাৱধায়ক শ্বেইখ আলতাফে জানিবলৈ দিয়ে যে এইবাৰ পর্যটকক আকর্ষণ কৰিবৰ বাবে ১৩ লাখ টিউলিপ ফুলৰ পুলি ৰোপণ কৰা হৈছে, যি সংখ্যা পূর্বৰ বর্ষতকৈ ১ লাখ অধিক৷ তেওঁ আৰু কয় যে যদিহে অঞ্চলটোৰ তাপমাত্রা শীতল হৈ ২০–২৫ চেলচিয়াছৰ ভিতৰতে থাকে, তেন্তে আমি ১৩ লাখ টিউলিপ ফুল ফুলা দেখিবলৈ পাম আৰু এই উদ্যান ৪০ দিনৰ বাবে দর্শকৰ বাবে খোলা থাকিব৷ উল্লেখ্য যে প্রতি বছৰে এই ফুলসমূহ ১৫–৩০ দিনলৈকে ফুলে৷ তাপমাত্রাৰ ওপৰত নির্ভৰ কৰি এই টিউলিপ ফুল ফুলাৰ সময় আগতীয়া হ’ব নে পলম হ’ব সেয়া নির্ধাৰিত হয়৷ মার্চৰ পৰা এপ্রিলৰ শেষলৈকে ফুল ফুলাৰ উত্তম সময়৷ এই সময়ছোৱাতে টিউলিপ বাগান চাবলৈ পর্যটকৰ ভিৰ হয়৷ কর্তৃপক্ষৰ তথ্য মতে যোৱা বর্ষত টিউলিপ গার্ডেন চাবলৈ দেশ–বিদেশৰ ২.৫৮ লাখ পর্যটক জম্মু–কাশ্মীৰলৈ আহিছিল৷ চলিত বর্ষত পর্যটকৰ পৰিমাণ প্রায় ৩ লাখ হ’ব বুলি আশা কৰা হৈছে৷ এই বাগানত প্রৱেশৰ বাবে প্রাপ্তবয়স্ক লোকে ৫০ টকা আৰু শিশুৱে ২৫ টকা ভৰিব লাগে৷ যোৱা বছৰ জম্মু–কাশ্মীৰ চৰকাৰে পর্যটকক আকর্ষণ কৰিবৰ বাবে টিউলিপ মহোৎসৱ অনুষ্ঠিত কৰিছিল৷ এই গার্ডেনত দর্শকৰ মনোৰঞ্জনৰ বাবে আছে কেইবাটাও ফোঁৱাৰা, লগতে বিনামূলীয়া ৱাই–ফাই, প্রসাধনগৃহ৷
হলেণ্ডৰ পিছতে বিশ্বৰ দ্বিতীয়খন টিউলিপ বাগিচা এই ‘ইন্দিৰা গান্ধী মেম’ৰিয়েল টিউলিপ গার্ডেন’৷ মনোমোহা ফুলৰ বাগিচাখনে বলীউডকো দীর্ঘদিনৰ পৰা আকর্ষণ কৰি আহিছে৷বলীউডৰ জনপ্রিয় চলচ্চিত্র ‘চিলচিলা’ৰ ‘দেখা এক খোৱাব তু য়ে চিলচিলে হুৱে’ শীর্ষক গীতটোৰ চিত্রগ্রহণ এই টিউলিপ বাগানৰ ফুলৰ মাজতে কৰা হৈছিল৷ অমিতাভ বচ্চন–ৰেখা অভিনীত এই চিনেমাৰ গানটোৰ ৰোমাণ্টিকতা টিউলিপ ফুলসমূহে অধিক জীপাল কৰি তুলিছিল, যি দর্শকৰ মনত সদায় সজীৱ হৈ আছে৷ চিলচিলাৰ উপৰি আন বহুকেইখন বিভিন্ন ভাষাৰ চিনেমাৰ শ্বুটিং টিউলিপ বাগানত কৰা হৈছে৷ মুঠৰ ওপৰত জম্মু–কাশ্মীৰলৈ ফুৰিবলৈ যোৱা পর্যটকৰ বাবে শ্রীনগৰৰ টিউলিপ বাগান আকর্ষণৰ কেন্দ্রবিন্দু হিচাপে পৰিগণিত হৈ আহিছে৷

You might also like