নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা উশাহৰ ব্যায়াম আৰু ৰোগ প্রতিৰোধ ক্ষমতা

কেলিফর্ণিয়াৰ ডাঃ জেক শ্বেইল্ড নামৰ এজন বিখ্যাত লসিকাতন্ত্র বিশেষজ্ঞই মানুহৰ ৰোগ প্রতিৰোধী ক্ষমতাৰ ওপৰত এক বিশেষ ধৰণৰ গৱেষণা চলাইছিল৷ তেওঁ লসিকাতন্ত্র কিদৰে উদ্দীপিত হয় সেই সম্পর্কে জানিবৰ বাবে মানুহৰ শৰীৰৰ ভিতৰত কেমেৰা স্থাপন কৰিছিল৷
এই লসিকাতন্ত্রটো হ’ল আমাৰ ৰোগ প্রতিৰোধী শক্তিৰ এক মহত্ত্বপূর্ণ অংগ৷ ইয়াক আমাৰ শৰীৰৰ চাফাই বিভাগ বুলিও ক’ব পাৰি৷ লসিকাৰূপে শ্বেত ৰক্ত কণাবোৰ কঢ়িয়াই নিয়ে, যি বাহিৰা শত্রুৰ আক্রমণৰ পৰা শৰীৰক ৰক্ষা কৰে৷ আমাৰ দেহত তেজৰ পৰিমাণৰ চাৰিগুণ বেছি লসিকা ৰস থাকে৷
শৰীৰৰ প্রতিটো কোষ এই ৰসেৰে আবৃত্ত হৈ থাকে৷ আমাৰ স্বাস্থ্যৰ মাপদণ্ড দেহৰ কোষসমূহৰ সুস্থতাৰ ওপৰতেই নির্ভৰ কৰে৷
তেজে অক্সিজেন আৰু অন্যান্য পুষ্টিদ্রব্য কঢ়িয়াই নি কোষসমূহৰ চাৰিওকাষে থকা লসিকা ৰসত এৰি দিয়েগৈ৷ প্রত্যেকটো কোষৰে এক নিজস্ব বুদ্ধিমত্তা থাকে যে কি গ্রহণ কৰিব লাগে আৰু কি নালাগে৷ কোষবিলাকে নিজৰ নিজৰ প্রয়োজনীয় অক্সিজেন আৰু পুষ্টিদ্রব্য লসিকা ৰসৰ পৰা গ্রহণ কৰে৷ কোষৰ ভিতৰত যিবিলাক বিষাক্ত দ্রব্য উৎপন্ন হয় সেইবোৰ লসিকা ৰসত এৰি দিয়ে৷ লসিকা ৰসে এই টক্সিন, মৃতকোষ আদিবোৰ কঢ়িয়াই নি শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে৷ এই লসিকাতন্ত্র ইমানেই গুৰুত্বপূর্ণ যে যদি ই ২৪ ঘণ্টাৰ বাবে সম্পূর্ণৰূপে বন্ধ হৈ যায় তেন্তে শৰীৰত ইমানেই বিষাক্ত দ্রব্য জমা হ’ব যে আমাৰ মৃত্যু ঘটিব৷
আমাৰ ৰক্ত পৰিবহণ তন্ত্র চলাই ৰাখিবৰ বাবে শৰীৰত এটা পাম্প আছে, সেইটো হ’ল আমাৰ হার্ট৷ কিন্তু লসিকাতন্ত্রৰ পৰিবহণৰ বাবে কোনো পাম্প নাই৷ লসিকাতন্ত্রৰ কঠিন পৰিবহণৰ একমাত্র উপায় হ’ল গভীৰভাৱে উশাহ লোৱা আৰু শৰীৰৰ সঞ্চালন৷ ডাঃ শ্বেইল্ডে তেওঁৰ গৱেষণাত সেইটোৱেই পালে যে গভীৰভাৱে পেট ফুলাই উশাহ ল’লে লসিকাতন্ত্রই সুচাৰুৰূপে তাৰ কাম কৰি থাকিব পাৰে৷
ইয়াত এনে এবিধ উশাহৰ ব্যায়ামৰ বিষয়ে দিয়া হৈছে যি লসিকাতন্ত্রৰ ওপৰত যথেষ্ট প্রভাৱ বিস্তাৰ কৰে৷ এই ব্যায়াম পদ্ধতিক কোৱা হয়’X:4X:2X Breathing Technique’৷ অর্থাৎX অনুপাতত যদি উশাহ লয় তেন্তে4X অনুপাতলৈকে তাক ধৰি ৰাখিব লাগিব আৰু2X অনুপাতত এৰিব লাগিব৷ ধৰি লওকX=4, তাৰমানে আপুনি চাৰিলৈকে গণনা কৰি উশাহ লৈ থাকিব, তাৰ পিছত’4×4′ মানে ষোল্ললৈকে গণনা কৰি উশাহটো ধৰি ৰাখিব আৰু’4×2′ মানে আঠলৈকে গণনা কৰি উশাহটো এৰি থাকিব৷ উশাহ এৰোতে মুখেৰে এৰিব৷ নিজৰ ক্ষমতা অনুসৰি উশাহৰ অনুপাত নির্ধাৰণ কৰি ল’ব৷
এনেদৰে দহবাৰকৈ দিনটোত তিনিবাৰ এই উশাহৰ ক্রিয়াটো অভ্যাস কৰক, কিছুদিনৰ ভিতৰতে নিজৰ স্বাস্থ্যৰ পৰিৱর্তন অনুভৱ কৰিব৷

You might also like