নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওজন বাঢ়িছে নেকি? ফিট হৈ থাকিবলৈ মানি চলক এই ৫ নিয়ম

লকডাউনৰ অৱসৰৰ পাছত আপুনি হয়টো ডায়েট আৰু শৰীৰচর্চা কৰি ওজন কমাই ফিটফাট হৈছে। কিন্তু এইবাৰ সমস্যা হ’ল আপোনাৰ সেই ফিট চেহেৰা ধৰি ৰাখিব কিদৰে! কিয়নো পুনৰ ওজন বাঢ়ি যোৱা মানেই সকলো পৰিশ্রম প্রথমৰ পৰা আৰম্ভ কৰা। গতিকে মানি চলক এই ৫ টিপছ… 

ব্রেকফাষ্ট অৱশ্যেই কৰক:

বহুতৰেই ব্রেকফাষ্ট স্কিপ কৰি যোৱাৰ অভ্যাস থাকে। ফলত বহু কামৰ মাজত প্রাতঃভোজন কৰাৰ সময় নাপায়। কিন্তু শৰীৰ সুস্থ ৰাখিব হ’লে ব্রেকফাষ্ট খুব গুৰুত্বপূর্ণ। গাখীৰ, কণী, ফল, চবজি আদিবোৰ আপোনাৰ দৈনিক প্রাতঃভোজনৰ তালিকাত অন্তৰ্ভুক্ত কৰক।

একেৰাহে বহি কাম নকৰিব:

যিসকলে দীর্ঘসময় কম্পিউটাৰৰ সন্মুখত বহি কাম কৰে তেওঁলোকে কামৰ মাজে মাজে সৰু বিৰতি লোৱা প্ৰয়োজন। লগতে ৱর্ক ফ্রম হোম চলিলেও ঘৰৰ ভিতৰতে ইফাল-সিফাল কৰক।

চেনি, সংসাধিত খাদ্যৰ (processed) পৰা আঁতৰি থাকিব:

চাহ, কফি, সকলোতে চেনি ব্যৱহাৰ নকৰিব। তাৰ বিপৰীতে অর্গ্যানিক মৌ ব্যৱহাৰ কৰিব পাৰে। পেকেটজাতীয় আহাৰত বেছিমাত্রাত প্রিজাৰভেটিভ থাকে। যিয়ে খুব সোনকালে শৰীৰ ফেট জমা কৰে। গতিকে এই জাতীয় খাদ্য যিমান সম্ভব এৰি চলক।

নিয়ম অনুসৰি পানী খাব:

ফিট হৈ থাকিবলে নিয়ম অনুসৰি পানী খোৱা প্ৰয়োজন। দিনে অন্তত ৩-৪ লিটাৰ পানী খাওক। প্রতি দেড় ঘণ্টা অন্তৰত এগিলাচ পানী খোৱা অভ্যাস কৰক। লগতে যদি আপোনাৰ খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস আছে, এতিয়াৰ পৰা ইয়াক সলনি কৰক। কমেও, এঘণ্টাৰ পিছত পানী খাব।

নিয়ম অনুসৰি শুবলৈ যাওক:

দিনত অন্তত শুব। ৰাতিৰ আহাৰৰ এঘণ্টা পিছত বিচনালৈ যাওক। শুবলৈ যোৱাৰ আগতে ম’বাইল, লেপটপ বা টিভি নোচোৱাই ভাল। লগতে দুপৰীয়া ভাত খোৱাৰ পাছত টোপনি এৰাই চলক।

You might also like