চান্দনী চ’কত অগ্নিকাণ্ড
দিল্লীৰ এখন বিখ্যাত ঠাই চান্দনী চ’ক আৰু ইয়াৰ বিশাল বজাৰ এলেকা। দিল্লীলৈ গ’লে চান্দনী চ’কলৈ যোৱাৰ সুযোগ কোনেও হেৰুৱাব নিবিচাৰে। ইয়াত বজাৰ কৰাৰ আমেজে বেলেগ। শীতৰ সেমেকা ৰাতি ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ঘটিল চান্দনী চ’কত। অগ্নিকাণ্ডত কমেও ৬০খনকৈ দোকান ভষ্মীভূত হৈছে। অগ্নি নিৰ্বাপনৰ বাবে ১২ ফায়াৰ ইঞ্জিন ঘটনাস্থলীলৈ দৌৰি আহে। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। আজি পুৱতি নিশা ৪.৪৫ বজাত লালকিল্লাৰ ঠিক ওলোটা দিশত থকা লাজপট ৰায় বজাৰৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।