নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিজিটেল প্ৰচাৰ, ৩ ডি টেকন’লজীৰে প্ৰচাৰৰ চমক দিব বিজেপিয়ে

নিয়মীয়া বাৰ্তা,৮ জানুৱাৰীঃ এফালে দেশত ক’ভিডৰ ভয়াৱহ লহৰ, আনপিনে ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন। এই ৫ ৰাজ্যৰ ভিতৰত আছে উত্তৰ প্ৰদেশৰ দৰে বৃহৎ ৰাজ্যও, যিয়ে দেশৰ ৰাজনীতিত লৈ আহিছে মুখ্য় ভূমিকা। ক’ভিডৰ তৃতীয় ঢৌৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰতো বাধা-বাধকতা আহি পৰিছে। সেয়ে নতুন চিন্তা কৰিবলৈ বাধ্য হৈছে প্ৰতিটো ৰাজনৈতিক দল। এইবাৰ ডিজিটেল প্ৰচাৰ জোৰদাৰ কৰিবলৈ সাজু হৈছে দলসমূহ। কংগ্ৰেছৰ নেত্ৰী তথা উত্তৰ প্ৰদেশৰ প্ৰচাৰৰ দায়িত্বত থকা প্ৰিয়ংকা গান্ধী ভদ্ৰাই ছ’চিয়েল মিডিয়া পেজত লাইভ আহিব আজি। এই অনুষ্ঠানত সকলোৱে প্ৰিয়ংকা গান্ধীক প্ৰশ্ন কৰিবও পাৰিব।

ৰাজ্যখনৰ প্ৰধান বিৰোধী দল সমাজবাদী পাৰ্টীয়ে এতিয়ালৈ ডিজিটেল প্ৰচাৰৰ কথা ঘোষণা কৰা নাই যদিও ছ’চিয়েল মিডিয়া ৱাৰ ৰুম ২০১৭ চনৰে পৰা সক্ৰিয় হৈ আছে। অৱশ্যে দলটোৱে টুইটাৰযোগে লিংক শ্বেয়াৰ কৰি দলৰ হোৱাটছএপ গ্ৰুপত যোগ দিবলৈ সকলোকে আহ্বান জনাইছে।


নিৰ্বাচনী প্ৰচাৰত আগত থকা বিজেপিয়ে যোৱা মাহৰ পৰা বাতৰি কাকতৰ পৃষ্ঠা ভৰাই বিজ্ঞাপন প্ৰচাৰ কৰি আছে। হোৱাটছএপ আৰু টুইটাৰতো মেছেজিং বাঢ়িছে দলটোৰ সমৰ্থকৰ। দলটোৱে ৩ ডি টেকন’লজী ব্যৱহাৰ কৰি প্ৰচাৰৰ চমক দিব বুলি জানিব পৰা গৈছে।

You might also like