নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ পৰা নেপালে কাঢ়ি ল’ব তিনি ভূখণ্ড

বিতর্কিত কালাপানী–লিম্পিয়াধুৰা লৈ নেপাল কমিউনিষ্ট পার্টীৰ হুংকাৰ

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ সীমান্তৰ বিতর্কিত তিনি ভূখণ্ড কালাপানী, লিম্পিয়াধুৰা আৰু লিপুলেখক লৈ ভাৰতৰ সৈতে মতানৈক্য তীব্রতৰ হৈছিল হিমালয়ান ৰাষ্ট্র নেপালৰ৷ পৰৱর্তী সময়ত এই মতানৈক্যৰ অৱসান ঘটাই দুয়োখন দেশে স্বাভাৱিক সম্পর্ক ঘূৰাই আনিবলৈ প্রচেষ্টা চলায়৷ কিন্তু পুনৰ সেই তিনি ভূখণ্ডক ভাৰতৰ হাতৰ পৰা কাঢ়ি লোৱাৰ হুংকাৰ দিলে নেপালৰ কমিউনিষ্ট পার্টীয়ে৷ লগে লগে বিষয়টোক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷ মাত্র কেইদিনমান পিছতে নেপালৰ প্রধানমন্ত্রী শ্বেৰ বাহাদুৰ দেউবাই ভাৰত ভ্রমণ কৰাৰ কথা৷ ইয়াৰ পূর্বে কমিউনিষ্ট পার্টীয়ে সীমান্তৰ তিনি ভূখণ্ড নেপালৰ বুলি দাবী কৰা বিষয়টোৱে তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ নেপাল কমিউনিষ্ট পার্টীৰ অষ্টম সাধাৰণ সন্মিলনত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ সন্মিলনত উপস্থিত আছিল দলৰ কেন্দ্রীয় কমিটীৰ ২৩৬গৰাকী সদস্য৷ দলৰ মুৰব্বী পুষ্পকমল দাহাল ওৰফে প্রচণ্ডৰ উপস্থিতিত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ ‘দ্য পাথ টু ছ’চিয়েলিজম ইন দ্য টুৱেণ্টী ফাষ্ট চেঞ্চুৰী’ শীর্ষক এক প্রতিবেদন দাখিল কৰে প্রচণ্ডই৷ লক্ষণীয়ভাৱে এই প্রতিবেদনত কেইবাটাও বিষয় সন্নিৱিষ্ট কৰা হৈছে৷ নেপালৰ সংসদত তিনি ভূখণ্ডক অন্তর্ভুক্ত কৰি গৃহীত কৰা মানচিত্রক গুৰুত্ব দিয়া হৈছে প্রতিবেদনত৷ অকল সেয়াই নহয়, ১৯৫০ চনৰ ভাৰত–নেপাল চুক্তি সংশোধন কৰি নতুন চুক্তি কৰিব লাগিব বুলিও যুক্তি দর্শোৱা হৈছে এই প্রতিবেদনত৷

You might also like