নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘন তুষাৰপাতত পাকিস্তানৰ মুৰি অঞ্চলত গাড়ীতে ১৬জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ তুষাৰপাতে বিধ্বস্ত কৰিছে পাকিস্তানৰ বহু এলেকা৷ ভয়াৱহ এই তুষাৰপাতৰ ফলত যান–বাহনত আবদ্ধ হৈ দেশখনৰ উত্তৰাঞ্চলত কমপক্ষেও ১৬জন লোকৰ মৃত্যু হৈছে৷ বিবিচিৰ প্রতিবেদন অনুসৰি পাক চহৰ মুৰিৰ দুর্গম পার্বত্য অঞ্চলত ঘন তুষাৰপাতৰ বাবে আবদ্ধ হৈ পৰিছে কেইবাখনো বাহন৷ এই বাহনতেই শোকাৱহ মৃত্যু হয় ১৬গৰাকী যাত্রীৰ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কার্য আৰম্ভ কৰিছে পাক সেনাই৷ পাক গৃহমন্ত্রী শেখ ৰছিদে এক ভিডি’ বার্তাত উল্লেখ কৰা অনুসৰি মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে৷ ইছলামাবাদৰ পৰা ৭০ কিলোমিটাৰ উত্তৰ প্রান্তত থকা মুৰি চহৰ পর্যটকসকলৰ আকর্ষণৰ কেন্দ্রবিন্দু৷ চহৰখনত আৰম্ভ হৈছে ঘন তুষাৰপাত৷ মৃত্যু হোৱা লোকসকল পর্যটক আছিল বুলি ধাৰণা কৰিছে পাক সেনাই৷

You might also like