নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বক্সিঙৰ ফাইনেলত প্ৰৱেশ অসমৰ ৫ খেলুৱৈ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছত অসমে সফলতাৰ ধাৰা অব্যাহত ৰাখি দেওবাৰে দুটা পদক জয় কৰে৷ তিনিটাকৈ সোণৰ পদক জয় কৰি ইতিমধ্যে খলকনি তোলা অসমৰ প্রতিভাৱান সাঁতোৰবিদ শিৱাংগী শর্মা কালি চতুর্থটো স্বর্ণ জয়েৰে উজলি উঠে৷

ইফালে বক্সিঙত অসমে প্রত্যাশা অনুসৰি চমকপ্রদ প্রদর্শন দাঙি ধৰিছে৷ পল্টন বজাৰস্থিত ছাই চেণ্টাৰৰ বক্সিং ৰিঙত চলি থকা বক্সিং ইভেণ্টৰ ২১ বছৰ অনূর্ধ্ব ল’ৰাৰ ফাইনেলত প্রৱেশ কৰিছে অসমৰ হৰিকেশ যাদৱ আৰু অভিনৱ শইকীয়াই৷

অৱশ্যে ফাইনেলত অসমৰ ইৰফান খান, তন্ময় দুৱৰা আৰু সোম বাহাদুৰ প্রধান পৰাজয়ৰ সন্মুখীন হয়৷

কালি অনুষ্ঠিত ৬০ কেজিৰ ছেমিফাইনেলত হৰিকেশ যাদৱে হাৰিয়ানাৰ অংকিত নৰৱালক ৫–০ৰ ব্যৱধানত হৰুৱায়৷ ৬৯ কেজিৰ ছেমিফাইনেলত অভিনয় শইকীয়াই দমন ডিউৰ অমিত কুমাৰক ৪–১ৰ ব্যৱধানত পৰাস্ত কৰে৷ একেদৰে ছোৱালীৰ ২১ বছৰ অনূর্ধ্ব শাখাৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে অংকুশিতা বড়ো, প্রিয়ংকা বৰা, ৰুবি বৰাই৷ ৪৫–৪৮ কেজি ইভেণ্টৰ ছেমিফাইনেলত প্রিয়ংকা বৰাই উত্তৰাখণ্ডৰ শোভা কোহলিক ৩–২, ৬৪ কেজিৰ ছেমিফাইনেলত অংকুশিতা বড়োৱে হাৰিয়ানাৰ ভিনকাক ৪–১ আৰু ৬৯ কেজিৰ ছেমিফাইনেলত ৰুবি বৰাই ৰাজস্থানৰ অৰুন্ধতি চৌধুৰীক পৰাস্ত কৰি ফাইনেললৈ উন্নীত হয়৷

অসমৰ পাঁচগৰাকীকৈ বক্সাৰে ফাইনেলত প্রৱেশ কৰাৰ সূত্রে খেলো ইণ্ডিয়া য়ুথ গেমছত আয়োজক ৰাজ্যখনে পুনৰ স্বর্ণ অথবা ৰূপৰ পদক লাভ কৰাটো নিশ্চিত হৈছে৷

উল্লেখ্য যে অসমে এতিয়ালৈকে ১৩টা স্বর্ণ, ১৩টা ৰূপ আৰু ১৫টা ব্রঞ্জ পদকসহ মুঠ ৪১টা পদক জয়েৰে তালিকাৰ সপ্তম স্থান অক্ষুণ্ণ ৰাখিছে৷ মহাৰাষ্ট্রই ৬০টা স্বর্ণসহ মুঠ ১৯৩টা আৰু হাৰিয়ানাই ৪৫টা স্বর্ণসহ ১৩৬টা পদক জয় কৰি খেলো ইণ্ডিয়া য়ুথ গেমছত আধিপত্য অব্যাহত ৰাখিছে৷

You might also like