নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা ফাঁকিৰ সদাগৰ”- পীয়ূষ হাজৰিকা

নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ  ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা আজি তিতাবৰত শাসক আৰু বিৰোধী দলে বিপৰীত পক্ষক তীব্র বাক্যবান প্ৰয়োগ কৰি নিৰ্বাচনী বতাহ উত্তপ্ত কৰি তোলে। আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা তিতাবৰৰ দহটা সমষ্টিত ভোটাৰ ৰাইজৰ মন আকৰ্ষিত কৰিবৰ কাৰণে শাসক বিৰোধী দলে বিপৰীত পক্ষক তীব্র বাক্যবান প্ৰয়োগ কৰে। তিতাবৰ ষ্টেচন তিনি আলিত পৰিষদৰ তিতাবৰ সমষ্টিৰ প্ৰাৰ্থী বন্তি শইকীয়াৰ সমৰ্থনত অন্তিম সভাত উপস্থিত থাকি ৰাজ্যৰ যুৱ মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা ফাঁকিৰ সদাগৰ। কিয়নো তিতাবৰত এই গৰাকী কংগ্ৰেছৰ বিধায়কে একো উন্নয়ন কৰিব পৰা নাই।কেৱল ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দি আহিছে।তিতাবৰ এটা এশ শতাংশ অসমীয়া মানুহৰ সমষ্টি।এই সমষ্টিটোৰ অৱস্থা চাওক। বাট পথ সমূহ জৰাজীৰ্ণ।নিৰ্মাণৰ নামত একো নাই। ইমানেই ভাল ৰাস্তা যে বৰহোলাৰ পৰা এগৰাকী ব্যক্তি তিতাবৰ আহিবলৈ এঘন্টা সময় লাগে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আঁচনি তিতাবৰত দিছে এই আঁচনি তিতাবৰৰ কংগ্ৰেছৰ বিধায়ক জনে আনিছোঁ বুলি কয়।মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া আঁচনি তেওঁ আনিছে বুলি ৰাইজক কৈ ফুৰিছে।অসমত কিবা কংগ্ৰেছৰ চৰকাৰ আছেনেকি।বিজেপি চৰকাৰ আছে। কেৱল মিছা কথা কোৱাত পাকৈত এই গৰাকী বিধায়ক। ফাঁকিৰ সদাগৰ হয়।বিজেপি মিছা কথা কোৱাৰ দল নহয়।আমি ৰাইজক আৰু দিম। অৰুনোদয় দিম, বৃদ্ধ পেঞ্চন দিম, বিধবা পেঞ্চন দিম ছয় হেজাৰ অৰুনোদই আকৌ দিম আৰু দিম কথা দিছোঁ। জালুকনিবাৰীত কংগ্ৰেছে দুপ্লিকেত অৰুনোদই ফর্ম বিলাইছে। কংগ্ৰেছে কেনেদৰে বিলাব চৰকাৰেহে আঁচনিৰ ফর্ম বিলাব। মাথোঁ ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দি আছে। মই কৈছোঁ তিতাবৰৰ দহটা সমষ্টিত বিজেপি জিকিব।ৰাইজে বিজেপিৰ প্ৰাৰ্থীক ভোট দিব বুলি কয়।

ইফালে নিৰ্বাচনী সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা উপস্থিত থাকি কয় যে তিতাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ সমষ্টি আছিল।মই ভাবিছিলোঁ তিতাবৰত চাগে বহু উন্নয়ন হল। কিন্তু তিতাবৰতো একো উন্নতি হোৱা নাই।প্ৰয়াত তৰুণ গগৈৰ পাছত কংগ্ৰেছৰ বৰুৱা নে চৰুৱা এটা জিকিল। একো ৰাইজৰ কাম কৰিব নোৱাৰে। অসমৰ ভিতৰত আটাইতকৈ বেকৱাৰ্ড সমষ্টি হল তিতাবৰ। এইবাৰ বিজেপিক ভোট দিয়ক তিতাবৰৰ উন্নয়ন আমি কৰিম।তিতাবৰৰ এইগৰাকী বিধায়কে ৰাইজৰ একো কাম কৰি দিব নোৱাৰে।

ইফালে মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই আজি প্ৰথমে জালুকণি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী শ্যামল কৃষ্ণ বৰাৰ সমৰ্থনত ন চুঙিত আৰু চামগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পুলক কছাৰীৰ সমৰ্থনত চামগুৰিত সভাত অংশগ্ৰহণ কৰে।আজিৰ সভাত বিজেপিৰ যোৰহাটৰ জিলাৰ সভাপতি হেমন্ত কলিতা, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ, বিজেপিৰ ৰাজ্যিক সম্পাদক দিপু ৰঞ্জন শৰ্মা, প্ৰাক্তন বিধায়ক সুশিলা হাজৰিকা, সুৰভি ৰাজকুমাৰী আদি উপস্থিত থাকে।বিয়লি চাৰি বজাত নিৰ্বাচনী প্ৰচাৰ অন্ত পৰে।

প্ৰেৰকঃ প্ৰনৱজ্যোতি কলিতা, তিতাবৰ

You might also like