গণৰাজ্য দিৱসত সন্ত্রাসবাদীৰ টার্গেট মোদীসহ ভিভিআইপি
নিয়মীয়া বাৰ্তা ১৯ জানুৱাৰীঃ সমাগত গণৰাজ্য দিৱসৰ কার্যসূচী সন্ত্রাসবাদী আক্রমণৰ সম্ভাৱনাক লৈ দেশৰ ৰাজধানী নতুন দিল্লী কেইবাতৰপীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে৷ গণৰাজ্য দিৱসৰ প্রাক্মুহূর্তত গাজীপুৰ ফুলৰ বজাৰত দিল্লী আৰক্ষীয়ে আইইডি উদ্ধাৰ কৰাৰ পিছতেই সমগ্র ৰাজধানী চহৰখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷ দেশৰ চোৰাংচোৱা সংস্থাই গণৰাজ্য দিৱসৰ কার্যসূচীত সন্ত্রাসবাদীৰ ভয়ংকৰ আক্রমণৰ ব্লু–প্রিণ্ট পোহৰলৈ আনিছে৷ চোৰাংচোৱা সংস্থাই ৯ পৃষ্ঠাজোৰা সম্ভাব্য আক্রমণৰ প্রতিবেদন ইতিমধ্যে প্রস্তুত কৰি উলিয়াইছে৷ পাকিস্তান, আফগানিস্তানস্থিত সন্ত্রাসবাদী সংগঠনে গণৰাজ্য দিৱসৰ কার্যসূচীত আত্মঘাতী আক্রমণ চলোৱাৰ ব্লু–প্রিণ্ট চোৰাংচোৱা সংস্থাই লাভ কৰিছে৷ চোৰাংচোৱা সংস্থাৰ মতে, সন্ত্রাসবাদীৰ ভয়াৱহ আক্রমণৰ পৰিকল্পনাৰ বাবে গণৰাজ্য দিৱসৰ কার্যসূচীত প্রধানমন্ত্রী নৰেন্দ্র মোদীকে ধৰি ভিভিআইপিৰ জীৱনলৈ শংকা নামি আহিছে৷ সন্ত্রাসবাদীয়ে প্রধানমন্ত্রীকে ধৰি ভিভিআইপিক আক্রমণৰ লক্ষ্য হিচাপে লোৱাৰ তথ্য চোৰাংচোৱা সংস্থাই লাভ কৰাৰ পাছতেই নিৰাপত্তা সন্দর্ভত সূক্ষ্ম নিৰীক্ষণ কৰিবলৈ চোৰাংচোৱা সংস্থাই নিৰাপত্তা সংস্থাসমূহক সতর্ক কৰি দিছে৷
সন্ত্রাসবাদীৰ ব্লু–প্রিণ্ট অনুযায়ী ভিভিআইপি থকা অঞ্চলৰ লগতে জনসমাগমস্থলী, গুৰুত্বপূর্ণ প্রতিষ্ঠান আদিত আত্মঘাতী আক্রমণ চলাব৷ আনকি সন্ত্রাসবাদীয়ে ড্রোনেৰে আক্রমণ চলোৱাৰ পৰিকল্পনাও আছে৷ গণৰাজ্য দিৱসৰ কার্যসূচীত নিষিদ্ধঘোষিত সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবা, ৰেজিষ্টেনছ ফ’চ, জইচ–ই–মহম্মদ, হৰকত–উল–মুজাহিদ্, হিজব–উল–মুজাহিদীন্ আদি সংগঠনে আক্রমণ চলোৱাৰ পৰিকল্পনা চলাই আছে৷ আনপিনে, পাকিস্তানস্থিত খালিস্তানী গোটেও সংগঠনটোক পঞ্জাবত উজ্জীৱিত কৰি তুলি পঞ্জাবকে ধৰি আন স্থানত আক্রমণৰ ব্লু–প্রিণ্ট ৰচিছে৷ তথ্য অনুসৰি খালিস্তানী সন্ত্রাসবাদীৰ গোটে প্রধানমন্ত্রী মোদীৰ বৈঠক আৰু ভ্রমণ কার্যসূচীত ২০২১ চনৰ ফেব্রুৱাৰীৰ পৰাই আক্রমণৰ লক্ষ্য কৰি আছে৷
আনহাতে, ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত ৭৫ বছৰত প্রথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পেৰেড ৩০ মিনিট পলমকৈ অনুষ্ঠিত হ’ব৷ বিগত বছৰবোৰত গণৰাজ্য দিৱসৰ পেৰেড পুৱা ১০ বজাত নির্ধাৰিত মতে আৰম্ভ হৈ আহিছে যদিও এইবেলি ক’ভিড–১৯ প্রট’কলৰ বাবে এই পেৰেড ১০.৩০ বজাত আৰম্ভ হ’ব৷ দেশৰ লগতে বিশ্বত মহামাৰী ক’ভিডে ভয়াৱহ ৰূপ লৈ থকাৰ পৰিপ্রেক্ষিতত এইবেলি গণৰাজ্য দিৱসৰ কার্যসূচীত মুখ্য অতিথি ৰূপে কোনো বিদেশী নেতা উপস্থিত নাথাকে৷ দিল্লীৰ আৰক্ষী আয়ুক্ত ৰাকেশ আস্থানাই প্রকাশ কৰা মতে, ক’ভিড–১৯ প্রট’কলৰ বাবে মধ্য এছিয়া দেশৰ কোনো নেতা গণৰাজ্য দিৱসৰ কার্যসূচীত উপস্থিত নাথাকে৷ বিগত বর্ষত পেৰেডত ২৫ হাজাৰ লোকক উপস্থিত থাকিবলৈ অনুমতি দিয়া হৈছিল যদিও এইবেলি ইয়াৰ সংখ্যা আৰু অধিক হ্রাস কৰাৰ সম্ভাৱনা আছে৷ বিগত বর্ষৰ তুলনাত ৭০–৮০ শতাংশ সমাগম কর্তন কৰা হ’ব বুলি প্রতিৰক্ষা মন্ত্রালয়ে প্রকাশ কৰিছে৷ অর্থাৎ এইবেলি ৫,০০০–৮,০০০ৰ ভিতৰত লোক পেৰেডৰ সময়ত উপস্থিত থাকিব৷ ৰাজপথত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ কার্যসূচীত যাতে কোনো অঘটন ঘটিব নোৱাৰে, তাৰ প্রতি লক্ষ্য ৰাখি সমগ্র অঞ্চলটোত কেইবাতৰপীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে৷ তিনি শতাধিক চিচি টিভি কেমেৰাৰ লগতে মুখ চিনাক্তকৰণ ব্যৱস্থা মোতায়েন কৰা হৈছে৷ ২০ জানুৱাৰীৰ পৰা ১৫ ফেব্রুৱাৰীলৈ ৰাজধানী দিল্লীৰ আকাশত পেৰাগ্লিডাৰ, পেৰামটৰছ ইউএভি, ইউএএছ, লঘু বিমান, ৰিম’টচালিত লঘু বিমান, কুৱাডকপ্ঢাৰ আদি নিষিদ্ধ কৰা হৈছে৷