আনফীট! ষ্টেট বেংকত গর্ভৱতী মহিলাৰ কৰ্মত যোগদান বন্ধ
বিশেষ বাৰ্তা,২৯জানুৱাৰীঃ গর্ভৱতী মহিলাৰ যোগদান বন্ধ কৰাৰ বাবে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দিল্লী মহিলা আয়োগ। এছ বি আইৰ বিৰুদ্ধে আইনী জাননী প্ৰেৰণ কৰিছে আয়োগে। কমিছনৰ অধ্যক্ষা স্বাতী মালিৱালে টুইট কৰিছে যে এছবিআয়ে এই মহিলাসকলক ‘সাময়িকভাৱে অযোগ্য’ বুলি অভিহিত কৰা পদক্ষেপ বৈষম্যমূলক তথা বেআইনী। যিয়ে আইনৰ অধীনত প্রদত্ত মাতৃত্বকালীন সুবিধাবোৰক প্রভাৱিত কৰিব পাৰে।
State Bank of India seems to have issued guidelines preventing women who are over 3 months pregnant from joining service & have termed them as ‘temporarily unfit’. This is both discriminatory and illegal. We have issued a Notice to them seeking withdrawal of this anti women rule. pic.twitter.com/mUtpoCHCWq
— Swati Maliwal (@SwatiJaiHind) January 29, 2022
উল্লেখনীয় যে, যোৱা ৩১ ডিচেম্বৰত এছ বি আয়ে চাৰ্কুলাৰ এখন প্ৰকাশ কৰি তিনি মাহৰ অধিক গৰ্ভৱতী মহিলাসকলক কামত যোগদান বন্ধ কৰি থৈছে। তেওঁলোকক সন্তান জন্ম হোৱাৰ চাৰি মাহৰ পাছতহে কৰ্মক্ষেত্ৰত যোগদান কৰিবলৈ দিব বুলিও তাত উল্লেখ আছে। দিল্লী মহিলা আয়োগে এনে নাৰী বিদ্বেষী নিৰ্দেশনা উঠাই লবলৈ দাবী জনাইছে।