নতুনকৈ আক্ৰান্ত ২.০৯ লাখ
বিশেষ বাৰ্তা, ৩১ জানুৱাৰীঃ ক’ভিড-১৯ মহামাৰী কিছু কমিছে দেশত। যোৱা ২৪ ঘণ্টাত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ২.০৯ লাখ লোক। কালিৰ তুলনাত এই সংখ্যা ১০শতাংশ কম। অৱশ্যে মৃতকৰ সংখ্যা তেনে হিচাপত হ্ৰাস পোৱা নাই। যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৯৫৯ লোকৰ। মৃত্যু হোৱা সকলৰ ৩৭৪ ৰোগীয়ে কেৰালাৰ। একেদৰে, আৰোগ্য লাভ কৰিছে ২,৬২,৬২৮ জনে। দেশত আৰোগ্য লাভৰ হাৰ ৯৪.৩৭ শতাংশ।