নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাতিৰ পিতাৰ মৃত্যু দিৱস পালন, ‘গডছে-আপ্তে ভাৰতৰত্ন’ প্ৰদান

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ আকৌ এইখন দেশতে অপমানিত হ’ল মহাত্মা গান্ধী। জাতিৰ পিতাক বাৰে বাৰে হত্যা কৰিছে এইখন দেশৰে একাংশ তথাকথিত দেশপ্ৰেমিকে। কালি আছিল মহামানৱৰ ৭৪ সংখ্যক মৃত্যু দিৱস। এই দিনটোতে হিন্দু মহাসভাৰ দৰে সংগঠনে আয়োজন কৰিলে ‘গডছে-আপ্তে স্মৃতি দিৱস’। যেন জাতিৰ পিতাৰ মৃত্যু পালন! মধ্যপ্ৰদেশৰ গোৱালিয়ৰত আয়োজন কৰা হ’ল উক্ত অনুষ্ঠানৰ।

নাথুৰাম গডছেই গান্ধীৰ মূল হত্যাকাৰী হোৱাৰ বিপৰীতে নাৰায়ণ আপ্তেই আছিল সহযোগী। অনুষ্ঠানত কালিচৰণ মহাৰাজকে ধৰি হিন্দু মহাসভাৰ ৪জন নেতাক ‘গডছে-আপ্তে ভাৰতৰত্ন’ দিয়া হয়। ইয়াৰে কালিচৰণ মহাৰাজে যোৱা ডিচেম্বৰত ধৰ্ম সংসদ এখনত মহাত্মা গান্ধীৰ বিৰুদ্ধ কটু মন্তব্য কৰি বৰ্তমানে কাৰাগাৰত আছে। ১৯৪৭ৰ দেশ বিভাজনৰ বাবে তেওঁ গান্ধীক জগৰীয়া কৰিছিল আৰু সেই বিভাজনৰ পৰিণতিতে লাখ লাখ হিন্দুৰ হত্যা আৰু গৃহহাৰা হৈছিল বুলি কৈছিল।

You might also like