নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ নির্মলাৰ বাজেট, পৰহি মোদীৰ!

বিশেষ বাৰ্তা, ৩১ জানুৱাৰীঃ মঙলবাৰে সাধাৰণ বাজেট দাখিল কৰিব বিত্ত মন্ত্রী নির্মলা সীতাৰমনে। বিগত বছৰ কেইটাত বাজেট অধিৱেশনৰ পাচত দেশ-জাতিক উদ্দেশ্যি ভাষণ দি আহিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। এই বছৰ আৰু এখোজ আগুৱাই নতুন কাৰ্যসূচী তৈয়াৰ কৰিছে মোদীয়ে। বাজেট বিশ্লেষণ কৰিবলৈ বুধবাৰে ১১ বজাৰ পৰা বিজেপি কর্মীসকলৰ বাবে ভার্চুয়েল মাধ্যমেৰে বক্তব্য ৰাখিব পাৰে তেওঁ। বিজেপিৰ সূত্রত প্ৰকাশ যে মোদীৰ বক্তব্যৰ বিষয় হ’ব পাৰে আত্মনির্ভৰশীল হৈ দেশৰ আর্থিক উন্নয়ন। গতিকে গুজব উঠিছে যে নির্মলাৰ বাজেটত বেছিকৈ ‘আত্মনির্ভৰশীলতা’ৰ কথা কোৱা হ’ব নেকি? ২০২৪ বৰ্ষৰ লোকসভা নির্বাচনৰ পূৰ্বে এই বাজেট বিজেপিৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। এতিয়াৰে পৰাই মোদী চৰকাৰৰ আর্থিক চিন্তা-ভাৱনা সর্বসাধাৰণৰ কাষলৈ নিব বিচাৰিছে বিজেপিয়ে। বুধবাৰে সমগ্ৰ দেশৰ বুথ স্তৰত ডাঙৰ পর্দা লগাই মোদীৰ বক্তব্য ‘লাইভ’ শুনোৱাৰ নির্দেশ দিছে বিজেপিৰ কেন্দ্রীয় নেতৃত্বই।

You might also like